ETV Bharat / state

বিপদত কলগাছিয়াৰ গুনিয়ালগুৰিবাসী - dangerous_journey

মৰণত শৰণ দি বিপদসংকুল যাত্ৰা স্কুল-কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজৰ

বিপদত কলগাছিয়াৰ গুনিয়ালগুৰিবাসী
author img

By

Published : Aug 7, 2019, 2:02 PM IST

Updated : Aug 7, 2019, 2:31 PM IST

জনীয়া,7 আগষ্টঃ এখন টুলুঙা নাওঁৱেই এতিয়া একমাত্ৰ ভৰষা কলগাছিয়াৰ গুনিয়ালগুৰিবাসীৰ বাবে ৷ কাৰণ অঞ্চলটোত নাই যাতায়তৰ কোনো সু-ব্যৱস্থা ৷ বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল গুনিয়ালগুৰি-কোকিলা সংযোগী মৰা মানাহ নদীৰ ওপৰত দলং নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰাৰ ফলত এতিয়া জীয়াতু ভুগিছে সাধাৰণ ৰাইজে ৷ শীঘ্ৰে দলং নিৰ্মাণ নকৰাৰ ফলত সদায় পকেটৰ ধন খৰচ কৰি মৰণত শৰণ দি এখন টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হৈছে কেইবাখনো স্কুল কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে ৷

বিপদত কলগাছিয়াৰ গুনিয়ালগুৰিবাসী

উল্লেখযোগ্য যে,২০১৭-১৮ বৰ্ষত মুখ্যমন্ত্ৰীৰ ১ হাজাৰ পকী দলং নিৰ্মাণ আঁচনিৰ দ্বাৰা আবন্টিত ধনেৰে উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰীয়ে যোৱা ২৭মে' তাৰিখত স্থাপন কৰিছিল দলং নিৰ্মাণৰ আধাৰশিলা। কিন্তু জামিৰুল হক খন্দকাৰ নামৰ ঠিকাদাৰজনে লেহেমীয়া গতিৰে কাম কৰি থকাত এতিয়াও অৰ্ধনিৰ্মিত অৱস্থাত আছে দলংখন। ইফালে উক্ত স্থানত কোনো বিকল্প ফুটব্ৰিজ নিৰ্মাণ নকৰাৰ ফলত এইদৰে দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলটোৰ ৰাইজে। ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবে দলঙখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ ঠিকাদাৰজনৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী তুলিছে ।

Intro:slug: as_jania_07aug_dangerous_journey_of_students_vis2+byt2+pho1_spl_pkg_story_asc10058

জনীয়া, ০৭ জুলাই: কলগাছিয়াৰ গুনিয়ালগুৰিত মৰণক শৰণ দি টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে। বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল গুনিয়ালগুৰি- কোকিলা সংযোগী মৰা মানাহ নদীৰ ওপৰত শীঘ্ৰে দলং নিৰ্মাণ নকৰাৰ ফলত এইদৰে পকেটৰ ধন খৰচ কৰি এখন টুলুঙা নাৱেৰে মৰণক শৰণ দি পাৰাপাৰ হব লগা হৈছে কেইবাখনো স্কুল কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে হাজাৰ হাজাৰ ৰাইজ।Body:slug: as_jania_07aug_dangerous_journey_of_students_vis2+byt2+pho1_spl_pkg_story_asc10058

উল্লেখযোগ্য যে, ২০১৭-১৮ বৰ্ষত মূখ্যমন্ত্ৰীৰ ১ হাজাৰ পকী দলং নিৰ্মাণ আঁচনিৰ দ্বাৰা আবন্টিত ধনেৰে উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰীয়ে যোৱা ২৭-৫-২০১৮ ইং তাৰিখত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। কিন্তু জামিৰুল হক খন্দকাৰ নামৰ ঠিকাদাৰজনে দলং নিৰ্মাণৰ নিবিদা লাভ কৰিছে যদিও লেহেমীয়া গতিৰে কাম কৰি থকাত অৰ্ধনিৰ্মিত হৈ আছে দলংখন। উক্ত স্থানত কোনো ফুটব্ৰিজ নিৰ্মাণ নকৰাৰ ফলত এইদৰে দুৰ্ভোগ ভূগিব লগা হৈছে ৰাইজে। ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবে দলং নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজে ক্ষুব্ধ হৈ ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী তুলিছে। আনহাতে ঠিকাদাৰে দলং নিৰ্মাণ বন্ধ ৰখাৰ লগতে কোনো বিকল্প ফুটব্ৰিজ নিৰ্মাণ নকৰাত এখন ব্যক্তিগত টুলুঙা নাৱেৰে অতিৰিক্ত ভাৰা দি দৈনিক পাৰাপাৰ হব লাগা হোৱাত ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।
Conclusion:slug: as_jania_07aug_dangerous_journey_of_students_vis2+byt2+pho1_spl_pkg_story_asc10058

মন্তব্য: স্থানীয় লোকৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Aug 7, 2019, 2:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.