ETV Bharat / state

ৰাজ্যিক বিজেপিৰ সভাপতি হৈয়ে নিজ গৃহ সমষ্টিত উপস্থিত ৰঞ্জিত কুমাৰ দাস

ৰাজ্যিক বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে সভাপতি পদত অধিস্থিত হ'ল ৰঞ্জিত কুমাৰ দাস ৷ সভাপতি নিৰ্বাচিত হোৱাৰ পিচতে শনিবাৰে গৃহ সমষ্টি সৰভোগত উপস্থিত হয় নেতা গৰাকী ৷

author img

By

Published : Jan 25, 2020, 7:56 PM IST

ৰঞ্জিৎ কুমাৰ দাস
ৰঞ্জিৎ কুমাৰ দাস

বৰপেটা, 25 জানুৱাৰীঃ দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিচতে শনিবাৰে গৃহ সমষ্টি সৰভোগত উপস্থিত হয় ৰঞ্জিত কুমাৰ দাস ৷ দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহনৰ পূৰ্বে সৰভোগত আহি উপস্থিত হোৱা ৰঞ্জিত কুমাৰ দাসক শনিবাৰে দলীয় নেতা কৰ্মীসকলে বিপুলভাৱে আদৰণি জনায় ৷ নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে সৰভোগত উপস্থিত হৈয়েই সেৱা জনায় ঐতিহ্যমণ্ডিত গৰখীয়া গোঁসাই থানত ৷ বিজেপি কাৰ্যালয়ৰ পৰা সহস্ৰাধিক বিজেপি কৰ্মীয়ে গায়ন বায়ন সমন্বিতে বিহুৱা বিহুৱতী, বাগুৰুম্বা, নেপালী আদি বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য গীতৰ মাজেৰে সমদল উলিয়াই গৰখীয়া গোঁসাই থানলৈ আদৰি নিয়ে ৰাজ্যিক বিজেপিৰ নৱ নিৰ্বাচিত সভাপতিগৰাকীক ৷ তাৰ পিচত তেওঁক লৈ যোৱা হয় সৰভোগ কালীপূজা প্ৰাগংনলৈ, য'ত বিজেপিৰ চকচকা ব্লক মণ্ডলৰ তৰফৰ পৰা তেওঁক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ সভাপতিগৰাকীৰ লগত উপস্থিত থাকে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া ৷

ৰাজ্যিক বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ সভাপতি নিৰ্বাচিত হ'ল ৰঞ্জিৎ কুমাৰ দাস

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক বিজেপিৰ নেতা কৰ্মীয়ে সৰভোগত আদৰণি জনোৱাৰ সময়তে, বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সন্থাৰ একাংশ কৰ্মকৰ্তাই ক'লা পতাকা উৰুৱাই ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক ঃ বাক্সা, টীয়কত আটক গৰু চোৰ

Intro:বৰপেটাৰোড ২৫ জানুৱাৰী ঃ দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিচতে শনিবাৰে গৃহ সমষ্টি সৰভোগত উপস্থিত হয় ৰণজিৎ কুমাৰ দাস ৷ সৰভোগৰ বিধায়ক তথা দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব গ্ৰহনৰ পূৰ্বে সৰভোগত আহি উপস্থিত হোৱা ৰনজিৎ কুমাৰ দাসক শনিবাৰে দলীয় নেতা কৰ্মীসকলে বিপুলভাৱে আদৰনি জনায় ৷ ইপিনে ৰনজিৎ কুমাৰ দাস সৰভোগত উপস্থিত হৈয়েই ঐতিহ্যমণ্ডিত গৰখীয়া গোঁসাই থানত সেৱা জনায় ৷ বিজেপি কাৰ্যালয়ৰ পৰা হাজাৰোধিক বিজেপি কৰ্মীয়ে গায়ন বায়ন সমন্বিতে বিহুৱা বিহুৱতী, বাগৰুম্বা, নেপালী আদি বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য গীতৰ মাজেৰে সমদল যাত্ৰা কৰি গৰখীয়া গোঁসাই থানলৈ আদৰি নিয়ে ৰাজ্যিক বিজেপিৰ নৱ নিৰ্বাচিত সভাপতিগৰাকীক ৷ গৰখীয়া গোসাই থানৰ পৰা তেওক সৰভোগ কালীপূজা প্ৰাগংনলৈ আদৰি নিয়ে আৰু বিজেপিৰ চকচকা ব্লক মণ্ডলৰ তৰফৰ পৰা ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায় ৷ এই সভাতে সৰভোগৰএকাধিক দল সংগঠনেও তেওক সম্বৰ্ধনা প্ৰদান কৰে ৷ সৰভোগত উপস্থিত হোৱা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ লগত মঙলদৈৰ সাংসদ দিলীপ শইকীয়া সণোৱালো উপস্থিত থাকে ৷
দ্বিতীয়তো কাৰ্যকালৰ বাবে সভাপতিৰ দায়িত্ব গ্ৰহনৰ পূৰ্বে সম্বৰ্ধনা গ্ৰহন কৰি ৰাইজক সম্বোধন কৰি ৰনজিৎ কুমাৰ দাসে প্ৰদান কৰা ভাষনত- প্ৰতিজন নেতা কৰ্মীক একো একো গৰাকী ৰনজিৎ কুমাৰ দাস হিচাপে চিনাকি দি কাৰ্যনিৰ্বাহ কৰি দলৰ সাংগঠনিক দিশ সবল কৰি তুলিবলৈ আহ্বান জনায় ৷
শনিবাৰৰ এই সম্বৰ্ধনা সভাতেই গোৱৰ্ধনাৰ বিজেপি নেতা জয়গুৰু ঘোষৰ নেতৃত্বত আছুৰ গোৱৰ্ধনা আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি আৰু সম্পাদকে আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে আছু নেতাক গামোচাৰে আদৰণি জনাই বিজেপি দলত অন্তৰ্ভুক্তি কৰে ৷
ইপিনে ইউটিচি চুক্তি সম্পৰ্কে বিজেপিৰ ৰাজ্যিক সভাপতি অৱগত নহয় বুলি উল্লেখ কৰি কয় ইউটিচি সন্দৰ্ভত এনেকুৱা কোনো কথা হোৱাই নাই আৰু এয়া হাইপ'থিটিকেল কথা বুলিহে মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷ লগতে তেও আৰু কয় এসময়ত গোলাঘাট, মেৰাপানী, নাজিৰা অঞ্চল নাগালিমত অন্তৰ্ভূক্ত হব বুলিও কথা ওলাইছিল ৷ পাছলৈ সেইটো নহল ৷ সেয়ে কেন্দ্ৰীয় চৰকাৰে যি ইউটিচি চুক্তি কৰিবলৈ ওলাইছে তাৰ জৰিয়তে অসমখন খণ্ড বিখণ্ড হোৱাৰ পৰা ৰক্ষা পৰিব লগতে বড়ো দল সংগঠনে যি ডিভাইড আছাম ফিফ্টি ফিফ্টি দাবী কৰিছে সেই দাবী নস্যাৎ হব বুলিও মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷ ইয়াৰোপৰি বিটিএডিৰ যি সমূহ গাওত বড়ো জনগোষ্ঠীৰ মানুহ নাই সেই গাও সমূহ বিটিএডিৰ পৰা কৰ্তন আৰু যি সমূহ গাওত বড়ো জনগোষ্ঠীৰ লোক আছে কিন্তু বিটিএডিত অন্তভুৰ্ক্ত হোৱা নাই তেনে গাও সমূহ বিটিএডিত অন্তৰ্ভুত কৰিবলৈ কমিচন আয়োগ গঠনৰ জৰিয়তে চিন্তা চৰ্চা কৰাৰ কথাও ৰণজিৎ কুমাৰ দাসে জানিবলৈ দিয়ে ৷ Body:আনহাতে শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসক বিজেপিৰ নেতা কৰ্মীয়ে সৰভোগত আদৰণি জনোৱাৰ সময়ত বৰনগৰ আঞ্চলিক ছাত্ৰ সন্হাৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সন্হাই কলা পতাকা উৰুৱাই জাতি বিক্ৰী কৰা ৰণজিৎ কুমাৰ দাস গ বেক, ৰণজিৎ কুমাৰ দাস লেই লেই ছেই ছেই, বিজেপি গ বেক শ্লোগান দিয়ে ৷
বাইটঃ ৰনজিৎ দাস, সভাপতি ৰাজ্যিক বিজেপি ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat Assam
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.