বৰপেটা, 18 আগষ্ট : ৰাজ্যৰ প্ৰথমতো মাল্টি ষ্ট’ৰেজ আদালত ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ (Multi storage court building in Assam)৷ ২০১৫ চনত ৩৮. ৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ আৰম্ভ কৰা ব্লক ৱান আৰু ব্লক টু পৰ্যায়ৰ দুয়োটা আদালত ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিচত শুকুৰবাৰে আদালত ভৱনটোৰ শুভ উদ্বোধন কৰা হ’ব (Newly constructed Barpeta court building to be inaugurate) ৷ ইতিমধ্যে অত্যাধুনিক আদালত ভৱনটো উদ্বোধনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ বৰপেটা জিলাত নিৰ্মাণ হৈছে এই ভৱনটো ৷
কাইলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই (Chief justice of Gauhati High court) দিনৰ ১১.৩০ বজাত নতুনকৈ নিৰ্মাণ কৰা আদালত ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷ এই অনুষ্ঠানত অংশ ল’ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি এন কোটিশ্বৰ সিঙেও (CM to inaugurate Barpeta new court building)৷
অত্যাধুনিক সা-সুবিধাযুক্ত আৰু ১৭ খন আদালত স্থাপনৰ সুবিধা থকা ভৱনটোত পুৰুষ আৰু মহিলাৰ বাবে সুকীয়া বাৰ, কেন্টিন, গাড়ী পাৰ্কিং আদিৰ ব্যৱস্থা থাকিব (Newly constructed Barpeta court building)৷
আনহাতে, তিনিমহলীয়া আদালত ভৱনটোত ৮ খনকৈ লিফ্টৰো সুবিধা থাকিব ৷ ৰাজ্যখনৰ ভিতৰতে বৰপেটা আদালত ভৱনটো অত্যাধুনিক সা-সুবিধাযুক্ত হ’ব বুলিও ভৱনটো নিৰ্মাণ কাৰ্যত জৰিত লোক নিৰ্মাণ গৃহ বিভাগৰ বিষয়াই জানিবলৈ দিছে ( Barpeta new court building) ৷ যোৱা 31 মাৰ্চতে ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল যদিও কেতবোৰ কাৰিকৰী কাৰণত ভৱনটো মুকলি কৰাত কিছু বিলম্ব হয় ৷ দুটাকৈ ব্লক থকা ভৱনটোৰ প্ৰথমটো ব্লক 2111 বৰ্গ মিটাৰ আৰু দ্বিতীয়টো ব্লক 1802 বৰ্গ মিটাৰ ৷
লগতে পঢ়ক : আন্দোলনৰ নামত চাকৰি প্ৰত্যাশীৰ ভৱিষ্যতক লৈ অন্যায় নকৰিবলৈ আহ্বান পীযুষ হাজৰিকাৰ