জনীয়া, 23 অক্টোবৰ: দেওবাৰে কলগাছিয়াত নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক অধিবেশনৰ (New Sahitya Parishad State Conference)লাইখুঁটা স্থাপন কৰা হয় ৷ আগন্তুক 4, 5 আৰু 6 নৱেম্বৰত কলগাছিয়াত নতুন সাহিত্য পৰিষদৰ ১৯ তম দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ'ব (New Sahitya Parishad State Conference foundation stone laid)। এই অনুষ্ঠানৰ উপলক্ষে অভ্যৰ্থনা সমিতিয়ে কলগাছিয়াৰ ৰাজহুৱা খেলপথাৰ প্ৰাংগনত সন্মিলনৰ লাইখুঁটা স্থাপন কৰা হয় ৷
এই অনুষ্ঠানত নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ডাঃ ৰেজাউল কৰিম, কাৰ্যকৰী সভাপতি অধ্যাপক আবু বক্কাৰ ছিদ্দিক, অন্যতম উপ-সভাপতি তথা নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম মোজাম্মেল হুছাইন আৰু চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সমাজকৰ্মী ইছমাইল হোছেইন, বেগম মমতাজ আহমেদ আদি ব্যক্তি সকলৰ উপস্থিতিত আজি সন্মিলনৰ লাইখুঁটা স্থাপন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ।
অনুষ্ঠানটোত কলগাছিয়া অঞ্চলৰ প্ৰবীন সমাজকৰ্মী তথা গণশিল্পী আব্দুল কদ্দুছ তালুকদাৰ, নাট্যকাৰ তথা সাংস্কৃতিক উপ-সমিতিৰ সম্পাদক ছায়েদ আলী, অভ্যৰ্থনা সমিতিৰ মুখ্য সম্পাদক সাংবাদিক শ্বহিদুল ইছলাম, স্মৰণিকা সমিতিৰ মুখ্য সম্পাদক চুলতান আলী আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক আমজাদ হুছেইনকে ধৰি বহুকেইজন সমাজৰ আগশাৰীৰ ব্যক্তি উপস্থিত থাকে ৷
কলগাছিয়া ৰাজহুৱা খেল পথাৰত দিনৰ ১২:০০ বজাত অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ডা: ৰেজাউল কৰিম, অধ্যাপক আবু বক্কাৰ ছিদ্দিকে লাইখুঁটা স্থাপন কৰে ৷ লগতে মুখ্য সম্পাদক শ্বহিদুল ইছলামে অনুষ্ঠানটোত অৰ্ধ শতাধিক গ্ৰন্থ উন্মোচন কৰা হব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Student dead in Fency bazar: ফাঁচী বজাৰত ৰছীত লাগি মৃত্যু ছাত্ৰৰ