ETV Bharat / state

এনআৰচি সম্পৰ্কত নেকিবুৰ জামানৰ মন্তব্য - এন আৰ চিয়ে স্বদেশীক বিদেশী আৰু বিদেশীক স্বদেশী সজাইছে

অসমৰ এন আৰ চি সম্পৰ্কত মন্তব্য আগবঢ়াইছে বিশিষ্ট আইনজীৱী তথা অসম আন্দোলনৰ নেতা নেকিবুৰ জামানে ৷ এনআৰচিয়ে স্বদেশীক বিদেশী আৰু বিদেশীক স্বদেশী সজাইছে বুলি মন্তব্য কৰে জামানে ৷ দেশৰ নাগৰিকত্ব আইনৰ আধাৰত অসমতো এনআৰচি প্ৰস্তুত কৰিব লাগে বুলি দাবী কৰে বিশিষ্ট আইনজীৱী গৰাকীয়ে ৷

এন আৰ চি সম্পৰ্কত নেকিবুৰ জামানৰ মন্তব্য
author img

By

Published : Sep 4, 2019, 8:32 PM IST

বৰপেটা, 4 ছেপ্তেম্বৰ : অসমৰ এনআৰচি সম্পৰ্কত মন্তব্য আগবঢ়াইছে বিশিষ্ট আইনজীৱী তথা অসম আন্দোলনৰ নেতা নেকিবুৰ জামানে ৷ এনআৰচিয়ে স্বদেশীক বিদেশী আৰু বিদেশীক স্বদেশী সজাইছে বুলি মন্তব্য কৰে জামানে ৷ তেওঁ কয় যে, 855 গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত কেৱল তিনি বা চাৰিলাখ বিদেশীৰ নামহে চিহ্নিত হ'ল ৷ দেশৰ নাগৰিকত্ব আইনৰ আধাৰত অসমতো এনআৰচি প্ৰস্তুত কৰিব লাগে বুলি দাবী কৰে বিশিষ্ট আইনজীৱী গৰাকীয়ে ৷ অন্যথা অসমৰ অৱস্থা ত্ৰিপুৰী লোকসকলৰ দৰে হ'ব বুলি ক্ষোভ প্ৰকাশ কৰে জামানে ৷

এন আৰ চি সম্পৰ্কত নেকিবুৰ জামানৰ মন্তব্য

আনহাতে, এনআৰচি তালিকাৰ পৰা বাদ পৰা খিলঞ্জীয়া লোকসকলৰ নাম অন্তৰ্ভূক্তিৰ বাবে চৰকাৰক বিশেষ পদক্ষেপ গ্ৰহণৰো আহ্বান জনায় অধিবক্তা গৰাকীয়ে ৷ ইপিনে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম আন্দোলনৰ মূল নেতা প্ৰফুল্ল কুমাৰ মহন্তই এনআৰচিখনক মাইলষ্টোন বুলি অভিহিত কৰা মন্তব্যৰো তীব্ৰ প্ৰতিবাদ কৰে নেকিবুৰ জামানে ৷ প্ৰফুল্ল মহন্তই এনআৰচিখনক মাইলষ্টোন বুলি কোৱা মন্তব্যই প্ৰমান কৰিছে যে অসম আন্দোলনৰ সময়ত অসমত বিদেশীয়েই নাছিল ৷ বিদেশী নথকাকৈয়ে অসমত আন্দোলনৰ নেতৃত্ব দিছিল নেকি প্ৰফুল্ল কুমাৰ মহন্তই বুলি প্ৰশ্ন কৰে জামানে ৷ প্ৰফুল্ল কুমাৰ মহন্তৰ এনে মন্তব্য দূৰ্ভাগ্যজনক বুলি দাবী কৰে অধিবক্তা তথা অসম আন্দোলনৰ আগশাৰীৰ নেতা নেকিবুৰ জামানে ৷

Intro:
বৰপেটা, ৪ ছেপ্টেম্বৰঃ এনআৰচিয়ে স্বদেশীক বিদেশী কৰিলে ৷ তাৰ পৰিৱৰ্তে বিদেশীক কৰিলে স্বদেশী ৷ এই মন্তব্য বিশিষ্ট আইনজীৱি তথা অসম আন্দোলনৰ এগৰাকী নেতা নেকিবুৰ জামানৰ ৷ তেওৰ মন্তব্য, ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত হয়তো তিনি বা চাৰিলাখ বিদেশীৰ নামহে চিহ্নিত হব এনআৰচিৰ জৰিয়তে ৷ Body:নেকিবুৰ জামানৰ দাবী দেশৰ নাগৰিকত্ব আইনৰ আধাৰত অসমতো এনআৰচি প্ৰস্তুত হওক ৷ আনহাতে অনাগত দিনত অসমৰ অৱস্থাও যে ত্ৰিপুৰীসকলৰ দৰে হব সেয়া স্পষ্ট বুলি মন্তব্য কৰে ৷ আনহাতে এনআৰচিৰ তালিকাৰ পৰা বাদ পৰা খিলঞ্জীয়া লোকসকলৰ নাম অন্তৰ্ভূক্তিৰ বাবে চৰকাৰক বিশেস পদক্ষেপ গ্ৰহনৰো আহ্বান জনায় অধিবক্তাগৰাকীয়ে ৷ ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম আন্দোলনৰ মুল নেতা প্ৰফুল্ল কুমাৰ মহন্তই এনআৰচিখনক মাইলষ্টোন বুলি অভিহিত কৰা মন্তব্যৰো তীব্ৰ প্ৰতিবাদ জনায় নেকিবুৰ জামানে ৷ প্ৰফুল্ল মহন্তই যদি এনআৰচিখনক মাইলষ্টোন বুলি কোৱা মন্তব্যই প্ৰমান কৰিছে অসম আন্দোলনৰ সময়ত অসমত বিদেশীয়েই নাছিল ৷ বিদেশী নথকাকৈয়ে অসমত আন্দোলনৰ নেতৃত্ব দিছিল প্ৰফুল্ল কুমাৰ মহন্তই ৷ আনকি প্ৰপ্ৰফুল্ল কুমাৰ মহন্তৰ এনে মন্তব্য দূৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে অধিবক্তা তথা অসম আন্দোলনৰ এগপাকী আগশাৰীৰ নেতা নেকিবুৰ জামানে ৷

Conclusion:বাইটঃ নেকিবুৰ জামান ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.