ETV Bharat / state

বৰপেটাত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ আৰম্ভ

author img

By

Published : Jan 20, 2021, 4:58 PM IST

বৰপেটাত পথ সুৰক্ষা মাহ পালন ৷ যানবাহন আইন আৰু দুৰ্ঘটনাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে পালন কৰা এই পথ সুৰক্ষা মাহ ৷

national-road-safety-month-in-barpeta
বৰপেটাত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ আৰম্ভ

বৰপেটা, 20 জানুৱাৰী : পথ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে ৰাইজক যানবাহন আইনৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্য়ে মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ৷ বৰপেটা জিলাত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় প্ৰাংগনত বন্তি প্ৰজ্বলনেৰে মাহজোৰা কাৰ্সূচীৰ শুভাৰম্ভ কৰা হয় ৷

বৰপেটাত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ আৰম্ভ

বন্তি প্ৰজ্বলন কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাই ৷ পতাকা উত্তোলন কৰে জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসে ৷ ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে আঁতধৰা এই অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ লগতে অংগনবাদী কৰ্মী, আশাকৰ্মীৰ উপৰিও বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু ভালে সংখ্যক ৰাইজ উপস্থিত থাকে ৷ ইয়াৰ পিচতে বৰপেটাৰ নতুন বাছ আস্থানত গছপুলি ৰোপণৰ এক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কাৰ্যসূচীৰ লগত সংগতি ৰাখি একনি বাটৰ নাটো প্ৰদৰ্শন কৰা হয় ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ মাটিত ঐতিহাসিক জয়েৰে বিজয়ধ্বজা উৰুৱালে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.