ETV Bharat / state

সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত নন্দোৎসৱ পালন

author img

By

Published : Aug 20, 2022, 1:21 PM IST

Updated : Aug 20, 2022, 2:22 PM IST

নন্দোৎসৱ উপলক্ষে সত্ৰৰ কীৰ্তনঘৰৰ (Barpeta Satra Kirtanghar) ভিতৰত শ্ৰীৰাম আতা বিৰচিত নন্দোৎসৱ নাটত শিশু কৃষ্ণৰ ভাও লৈ শিশুসকলে নাচ-গান কৰে ৷ ইপিনে ব্ৰজধামত শিশু কৃষ্ণৰ জন্মৰ পিছত হোৱা আনন্দ উল্লাসৰ অনুকৰণত বৰপেটা সত্ৰত নন্দোৎসৱৰ দিনটোত বোকা ভাওনা অনুষ্ঠিত হৈছে ৷

Barpeta Satra
Barpeta Satra

বৰপেটা, ২০ আগষ্ট : বৰপেটা সত্ৰত উদযাপন কৰা উৎসৱ-পাৰ্বণসমূহৰ ভিতৰত নন্দোৎসৱ অন্যতম (Nandotsava festivals celebrated in Barpeta Satra) ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ (Srikrishna Janmastami) পিছদিনা বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ ৷ নন্দোৎসৱক বৰপেটাত স্থানীয়ভাৱে 'পেকযাত্ৰা' বুলি কোৱা হয় ৷ নন্দোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ টুপৰ চোতালত শিশুসকলে বোকা খেলি আনন্দত আপ্লুত হৈ পৰে ৷

নন্দোৎসৱ উপলক্ষে সত্ৰত পূৰ্বাপৰ ৰীতি অনুযায়ী পুৱাৰ গীত, ভটিমা গাই বন্তি প্ৰজ্বলনৰ লগতে নাম-প্ৰসঙ্গত চৰণ, যুগল, পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷ নন্দোৎসৱ উপলক্ষে সত্ৰৰ কীৰ্তনঘৰৰ (Barpeta Satra Kirtanghar) ভিতৰত শ্ৰীৰাম আতা বিৰচিত নন্দেৎসৱ নাটত শিশু কৃষ্ণৰ ভাও লৈ শিশুসকলে নাচ-গান কৰে ৷ ইপিনে ব্ৰজধামত শিশু কৃষ্ণৰ জন্মৰ পিছত হোৱা আনন্দ উল্লাসৰ অনুকৰণত বৰপেটা সত্ৰত নন্দোৎসৱৰ দিনটোত বোকা ভাওনা অনুষ্ঠিত হয় ৷

আজি গায়ন-বায়ন আৰু নাম-প্ৰসঙ্গত বহু ভকতে অংশগ্ৰহণ কৰাৰ লগতে সত্ৰীয়া ৰীতি পৰম্পৰাৰে গায়ন-বায়নে শিশুলীলা পাঠ কৰি নন্দোৎসৱ পালন কৰে ৷ ইপিনে বৰপেটা সত্ৰৰ গুৰু আসনৰ পিছফালে দৈব্যজ্ঞই শ্ৰীকৃষ্ণৰ জন্মৰ গণনা সম্পন্ন কৰে ৷ ইয়াৰ পিছতে বৰপেটা সত্ৰৰ গায়ন-বায়ন প্ৰমুখ্যে ভকতসকলে নাম গাই বৰপেটা সত্ৰৰ গুৰু আসনৰ চাৰিওপিনে ৫পাক ঘূৰি সত্ৰৰ পশ্চিম দুৱাৰেদি বাহিৰলৈ আহি সত্ৰৰ মূল কীৰ্ত্তন ঘৰৰ চাৰিফালে ৭পাক ঘূৰি মঠৰ চোতালত নামৰ সামৰণি মাৰে ৷ ইয়াৰ লগে লগে বৰপেটা সত্ৰত পালিত নন্দোৎসৱৰ সামৰণি পৰে ৷

উল্লেখ্য, বৰপেটা সত্ৰ হৈছে অসমৰ এক প্ৰসিদ্ধ সত্ৰ। এই সত্ৰ বৈষ্ণৱ গুৰু মাধৱদেৱে ১৫০৫ শকাব্দত (১৫৮৩ খ্ৰীষ্টাব্দ) প্ৰতিষ্ঠা কৰিছিল (Barpeta Satra established by Madhabdev in 1505 shakabda) । সত্ৰখনৰ পূৰ্বৰ নাম আছিল বৰপেটা থান ।

সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত নন্দোৎসৱ পালন

মাধৱদেৱে সত্ৰখন ত্যাগ কৰাৰ পিছত তেওঁৰ শিষ্য শ্ৰী মথুৰাদাস আতাই (১৪৯০-১৫৯৬ খ্ৰীষ্টাব্দ) সত্ৰখনৰ চোৱা-চিতাৰ দায়িত্ব লয় আৰু তেওঁ বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ হয় (first Satradhikar of Barpeta Satra Mathuradasa Ata) । বুঢ়া আতাই সত্ৰৰ প্ৰশাসনক প্ৰণালীবদ্ধ কৰে । যাৰ ফলত সত্ৰখনে ঠন ধৰি উঠে আৰু সমগ্ৰ বৰপেটা অঞ্চলৰে উন্নয়নত অৰিহণা যোগায় । তেওঁ সত্ৰখনত এক গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰে যিটো আজিলৈকে কাৰ্যকৰী হৈ আছে ।

লগতে পঢ়ক :কৃষ্ণ বন্দনাৰে মুখৰিত ঐতিহ্যমণ্ডিত জোনাই সাৰ্বজনীন নামঘৰ

Last Updated : Aug 20, 2022, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.