ETV Bharat / state

বৃন্দাবনত শীঘ্ৰেই প্ৰতিষ্ঠা হ'ব নামঘৰ: বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা - শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক বামুণীমৈদাম শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সম্বৰ্ধনা জ্ঞাপন ৷ সম্বৰ্ধনা গ্ৰহণ কৰি শীঘ্ৰেই বৃন্দাবনত নামঘৰ প্ৰতিষ্ঠা হোৱাৰ কথা জানিবলৈ দিয়ে বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷ দেশৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ বৃন্দাবনত নামঘৰ প্ৰতিষ্ঠাৰ কাম ইতিমধ্যে বহুখিনি আগবাঢ়ি যোৱা বুলি মন্তব্য বশিষ্ঠ শৰ্মাৰ ৷

as_bar_01-04_bura_satriya_bashistha_sarma_vis_img_as10038
namghar to be established in brindaban
author img

By

Published : Feb 15, 2021, 12:17 PM IST

বৰপেটা,15 ফেব্ৰুৱাৰী: শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ সাধক বশিষ্ঠ শৰ্মাক গুৱাহাটীৰ বামুণীমৈদাম শ্ৰীমন্ত শংকৰদেৱ সমাজ নামঘৰৰ সম্বৰ্ধনা জ্ঞাপন ৷ বামুণীমৈদাম শ্ৰীমন্ত শংকৰদেৱ সমাজ নামঘৰৰ এটি প্ৰতিনিধি দলে বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ বাসভৱনত উপস্থিত হৈ গামোচা, চেলেং চাদৰ, অংগ বস্ত্ৰ আৰু মানপত্ৰেৰে সম্বৰ্ধনা জনায় ৷

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক বামুণীমৈদান শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সম্বৰ্ধনা

সম্বৰ্ধনা গ্ৰহণ কৰি বুঢ়াসত্ৰীয়া গৰাকীয়ে অতি শীঘ্ৰে বৃন্দাবনত নামঘৰ প্ৰতিষ্ঠা কৰাৰ কথা জানিবলৈ দিয়ে ৷ বৃন্দাবনত নামঘৰ প্ৰতিষ্ঠা হোৱাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰি তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, দেশৰ পবিত্ৰ তীৰ্থ ক্ষেত্ৰখনত নামঘৰ প্ৰতিষ্ঠাৰ বাবে ইতিমধ্যে বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে ৷

উল্লেখ্য যে, বুঢ়াসত্ৰীয়া গৰাকীয়ে সত্ৰীয়া সমাজ আৰু সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে শ্ৰীমন্ত শংকৰদেৱ সমাজে এইদৰে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা গ্ৰহণ কৰি বুঢ়া সত্ৰীয়াগৰাকীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰো বিভিন্ন ৰাষ্ট্ৰত বসবাস কৰি থকা প্ৰবাসী অসমীয়াসকলক নামঘৰ প্ৰতিষ্ঠাৰ বাবে উদ্যোগ ল'বলৈ আহ্বান জনায় ৷

বুঢ়াসত্ৰীয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ বৃন্দাবনত নামঘৰ প্ৰতিষ্ঠাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু বৃন্দাবনত নামঘৰ প্ৰতিষ্ঠাৰ কাম ইতিমধ্যে বহুখিনি আগবাঢ়িছে ৷ ৰজাগৃহ, প্ৰজাগৃহ আৰু গুৰুগৃহক একত্ৰিত হৈ বিস্তাৰিত ৰূপত গুৰুজনাৰ ধৰ্ম আৰু আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত সহযোগ কৰিবলৈও তেওঁ সকলোকে আহ্বান জনায় ৷

লগতে পঢ়ক: বজাৰৰ অভাৱত ক্ৰমাৎ হ্ৰাস পোৱাৰ দিশে চিৰসেউজ লাম্পীৰ কুছিফুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.