ETV Bharat / state

ৰাইজক প্ৰতাৰণাৰ বাবে গঠন হৈছে ৰাইজৰ দল: মুছলিম ছাত্ৰ সন্থা

author img

By

Published : Oct 6, 2020, 8:21 PM IST

মঙলবাৰে জনীয়াত অনুষ্ঠিত হোৱা মুছলিম ছাত্ৰ সন্থা অসমৰ সংবাদমেলত, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন ৰাজনৈতিক দল ৰাইজৰ দলৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷

মুছলিম ছাত্ৰ সন্থা
মুছলিম ছাত্ৰ সন্থা

জনীয়া, 5 অক্টোবৰ: জনীয়াত মুছলিম ছাত্ৰ সন্থা অসমৰ সংবাদমেল ৷ সংবাদ মেলত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনে প্ৰকাশ কৰিলে কেতবোৰ অভিযোগ ৷ তেওঁৰ অভিযোগ অনুসৰি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত জন্ম লাভ কৰা 'ৰাইজৰ দল'ৰ ৰিমট কন্ট্ৰল অসমৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত ৷ সংখ্যালঘু ভোট বিভাজনৰ মাজেদি বিজেপিক লাভান্বিত কৰাৰ স্বাৰ্থত জন্ম হৈছে ৰাইজৰ দলৰ ৷ ৰাইজৰ দলৰ লগত ৭০ টা জাতীয় সংগঠন জড়িত থকা বিষয়টোকো সম্পূৰ্ণ ভিত্তিহীন বুলি অভিযোগ কৰে সভাপতি গৰাকীয়ে ৷

ৰাইজক প্ৰতাৰণাৰ বাবে গঠন হৈছে ৰাইজৰ দল: মুছলিম ছাত্ৰ সন্থা

সংবাদমেলত নেতা গৰাকীয়ে কয় যে,'কা' বিৰোধী আন্দোলনৰ সময়ত 'আছু'ৰ লগতে মুছলিম ছাত্ৰ সন্থা, আমছুকে ধৰি ৭০ টাকৈ জাতীয় সংগঠনে অংশগ্ৰহণ কৰিছিল যদিও, যোৱা 2 অক্টোবৰত কৃষক মুক্তিৰ নেতৃত্বত গঠন হোৱা ৰাজনৈতিক দলত ৭০ টা সংগঠন জড়িত নাই ৷ দলটোৰ লগত কোন কেইটা সংগঠন আছে তাক ৰাজহুৱা কৰিবলৈ দাবী জনায় মুছলিম ছাত্ৰ সন্থাই ৷ লগতে তেওঁ কটাক্ষ কৰি কয় যে, এই দল ৰাইজৰ দল নহয় ৰাইজক প্ৰতাৰণা কৰা দলহে ৷ পূৰ্বে অখিল গগৈৰ নেতৃত্বত গঠন হোৱা অসম গণ মুক্তিৰ ভুমিকাই তাক প্ৰমাণ কৰিছে ৷ অৱশ্যে মুছলিম ছাত্ৰ সন্থাই অখিল গগৈক কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈয়ো আহ্বান জনায় সংবাদমেলযোগে ৷

লগতে পঢ়ক: পথ নিৰ্মাণৰ অনিয়মক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.