ETV Bharat / state

AIUDF ক মুছলমানসকলে সমৰ্থন নকৰে : ৰিপুণ বৰা

author img

By

Published : Oct 23, 2021, 2:17 PM IST

এআইইউডিএফক মুছলমান লোকসকলে সমৰ্থন নকৰে ৷ বৰপেটাৰোডৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত এই মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই ৷

as_bar_mp ripun bora_vis_1to5_AS_10030.mp4
এ আই ইউ ডি এফক মুছলমান লোকসকলে সমৰ্থন নকৰে : ৰিপুণ বৰা

বৰপেটাৰোড, 23 অক্টোবৰ : শুকুৰবাৰে বৰপেটাৰোডৰ প্ৰয়াত কংগ্ৰেছ নেতা আতাফ আলীৰ পৰিয়ালৰ খবৰ ল’বলৈ উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা ৷ ইয়াৰ পিছতে বৰপেটাৰোডৰ ৰাজীৱ ভৱনত দলীয় কৰ্মীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ লয় সাংসদগৰাকীয়ে ৷ এই অনুষ্ঠানতে এআইইউডিএফে মুছলমানক সমৰ্থন নকৰে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰে এআইইউডিএফৰ মিত্ৰতা আছিল বাবেই মুছলমান ৰাইজে দলটোক ভোট দিছিল ৷ একমাত্ৰ কংগ্ৰেছেহে যে ৰাইজক নিৰাপত্তা দিব পাৰিব, সেই কথা অসমৰ ৰাইজে বুজি উঠিছে ৷ গতিকে উপ নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল ভাল হ’ব বুলি মন্তব্য কৰে ৰিপুণ বৰাই ৷

এআইইউডিএফক কঠোৰ সমালোচনা ৰিপুণ বৰাৰ

আনহাতে, এই অনুষ্ঠানতে শাসকীয় বিজেপি চৰকাৰখনক সমালোচনাৰ লক্ষ্য কৰি লয় সাংসদ বৰাই ৷ বৰাই কয়, নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰখনে ৰাজ্যবাসীক বহু আশা দিছিল ৷ কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ তিনি মাহৰ ভিতৰতেই চৰকাৰখনে ৰাইজৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে ৰাইজক একপ্ৰকাৰ কোঙা কৰি পেলাইছে ৷

সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ বিপৰীতে ৰাইজৰ উপাৰ্জনৰ পৰিমাণ হ্ৰাস পাইছে ৷ তাৰ ওপৰত কৰ’ণা পৰিস্থিতিৰ বাবে অপৰিকল্পিত লক ডাউনে সমগ্ৰ অৰ্থনীতি শেষ কৰি পেলাইছে ৷ কেৱল চাকৰিয়ালসকলে সময়ত দৰমহা লাভ কৰিছে ৷ ইয়াৰ বিপৰীতে দৰিদ্ৰ জনতাই এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া হৈছে বুলি কয় ৰিপুণ বৰাই ৷

লগতে পঢ়ক : পথাৰে পথাৰে গৈ কি কৰিলে থাওৰাৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.