বৰপেটা, ১৫ এপ্ৰিলঃ ল’কডাউনৰ মাজতে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ উন্মাদ ৷ বিহুবলিয়া অসমীয়াই এইবেলি মুকলিকৈ বিহু পাতিব নোৱাৰিলেও সকলোৱে নিজ নিজ ঘৰতে এপাক নাচিলে ৷ ইফালে বৰপেটাত দেখা গ’ল আন এক সম্প্ৰদায়ৰ মাজত বিহু উদযাপনৰ দৃশ্য ৷
বৰপেটা চহৰৰ আজাদ নগৰৰ এটি খিলঞ্জীয়া গৰীয়া মুছলমান পৰিয়ালে উদযাপন কৰিলে বিহু ৷ আজাদ নগৰৰ ৰিংকু আহমেদৰ বাসগৃহত পৰিয়ালৰ সদস্যসকলে মনৰ আনন্দতে প্ৰাণ খুলি নাচিলে এপাক ৷ ৰিংকু আহমেদৰ পৰিয়ালৰ নেইন ইবটিচাম,ৰিব্বা চুলতানা,তানিচা আহমেদে এককভাৱে বিহু নৃত্য পৰিৱেশন কৰাৰ লগতে সুমন আহমেদ,ছেমিনা বেগম,উৰ্মিলা বেগম,ৰিংকু আহমেদ আদিয়ে মনৰ উলাহতে নাচি-বাগি পালন কৰিলে ৰঙালী বিহু ৷
লগতে পঢ়কঃ জনীয়াৰ এ আই বি ইটাৰ ভাটাত তীব্ৰ খাদ্য সংকট