জনীয়া,15 ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়াত দেৱান মিউজিক একাডেমীৰ উদ্যোগত দেওবাৰে সদৌ অসম ভিত্তিত একক সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । কলগাছিয়াৰ ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত কৰা সংগীত প্ৰতিযোগিতাত গুৱাহাটী, নলবাৰী, বঙাইগাঁও, ধুবুৰী, পাঠশালা আৰু বৰপেটাৰ বিভিন্ন ঠাইৰ পৰা অহা 46 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ।
দেৱান মিউজিক একাডেমীৰ পৰিচালনা কমিটিৰ সভাপতি ড৹ ফকৰুল আলমে জনোৱা মতে, এই অনুষ্ঠানটো আয়োজন কৰাৰ মূল লক্ষ্য হ'ল উদীয়মান যি সকল কণ্ঠশিল্পী আছে তেওঁলোকক এখন মঞ্চ দিয়া ৷ যাৰ জৰিয়তে কোনোবা নহয় কোনোবা প্ৰতিভা সম্পন্ন কণ্ঠশিল্পী ওলাই আহিব । লগতে তেওঁলোকে এটা সময়ত ভাল পৰ্যায়লৈ গৈ নিজৰ পৰিচয় গঢ়িব পাৰিব ৷ দেওবাৰৰ এই অনুষ্ঠানৰ বিচাৰক হিচাপে উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী হিয়া মেধি, কবিন দাস আৰু কলগাছিয়াৰ বিশিষ্ট শিল্পী আৰু শিক্ষাবিদ ড৹ আবু ছায়েদ ছিদ্দিক ।
লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ নেতা নহয়:লুৰিণজ্যোতি গগৈ