বৰপেটা, ২৯ ছেপ্তেম্বৰ : হঠাৎ সন্ধানহীন হৈ পৰিল মুক্তাৰ ৷ বিগত পাঁচ দিনে কোনো সন্ধান নাই মুক্তাৰৰ ৷ চাউল চুৰিৰ অভিযোগত অভিযুক্ত মুক্তাৰক বিচাৰি আৰক্ষীয়ে চলাথ কৰিছে যদিও আজি পৰ্যন্ত সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ যোৱা শুকুৰবাৰে নিশা বৰপেটাৰ পালহাজীত ব্ৰহ্মপুত্ৰ নৈৰে গোৱালপাৰালৈ সৰবৰাহ কৰা অৱস্থাত তিনিজন চোৰাং চাউল ব্যৱসায়ী আৰু নাওসহ উত্তৰ বগুৰীবাৰী সমবায়ৰ ৪০০ বস্তা চাউল জব্দ কৰি আৰক্ষীক গটাই দিছিল স্থানীয় ৰাইজে ৷ তাৰ পাছতে তলা বন্ধ হৈ আছিল সমবায় সমিতিখনৰ কাৰ্যালয় ৷
ইপিনে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত সমবায়খনৰ সম্পাদকৰ বিৰুদ্ধে উত্থাপিত হোৱা চাউল চুৰি ঘটনাৰ তদন্তৰ কৰিবৰ বাবে বৰপেটা জিলা উপায়ুক্তই নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাৰপাছতে বহৰিত উপস্থিত হোৱা যোগান বিভাগৰ দুজনকৈ বিষয়াই সন্ধান নাপালে সমবায় সমিতিৰ সম্পাদক মুক্তাৰৰ ৷ তাৰোপৰি সমবায় সমিতিখনত সংঘটিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল কেলেংকাৰীৰ তদন্তৰ বাবে সোমবাৰে গুৱাহাটীৰ পৰা বহৰিত উপস্থিত হোৱা দুনীতি নিৰ্বাৰক অপৰাধ অনুসন্ধান শাখাৰ বিষয়াৰ দলেও সন্ধান লাভ নকৰিলে সম্পাদক মুক্তাৰ হুছেইনৰ ৷
যাৰফলত অভিযানকাৰী দলটোৱে গুৱাহাটীলৈ মুক্তাৰক গ্ৰেপ্তাৰ নকৰাকৈয়ে উভতি যাবলগীয়া হৈছে ৷ আনহাতে সমবায় সমিতিখনত সংঘটিত চাউল কেলেংকাৰীৰ তদন্তৰ বাবে সমবায়ৰ কাৰ্যালয়ত উপস্থিত দুটাকৈ তদন্তকাৰী দল উভতি যাবলগীয়া ঘটনা বৰপেটাৰ বহৰিত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বিশেষকৈ বৰপেটাত অব্যাহত থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ চোৰাং ব্যৱসায় আৰু বৰপেটাৰ পৰা বাংলাদেশলৈ চাউল সৰবৰাহৰ তদন্তই কি ৰূপ লয় তালৈ সকলোৱে আগ্ৰহেৰে বাট চাইছে ৷ একেদৰে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অসামৰিক যোগান বিভাগৰ কি ভূমিকা লয় সেয়াও লক্ষণীয় বিষয় হৈ পৰিছে ৷
লগতে পঢ়কঃ কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ