ETV Bharat / state

বৰপেটাত ’নিংনি ভাউৰা ৰিটাৰ্ণছ’ৰ শুভ মহুৰত সম্পন্ন

author img

By

Published : Oct 4, 2021, 12:14 PM IST

ইংৰাজ শাসনৰ সময়ৰ বহু ইংৰাজ বিষয়াৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি উঠা নিংনি ভাউৰাৰ কথা অসমীয়া সমাজত প্ৰচলিত ৷ সমাজৰ দোষ-ত্ৰুটিসমূহ উদঙাই দেখুৱাই সমাজ সংস্কাৰৰ চেষ্টা চলাইছিল নিংনি ভাউৰাই ৷ নিংনি ভাউৰাৰ কাহিনীসমূহক ইউটিউব(Youtube)ত খণ্ডযোগে প্ৰচাৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছে পৰিচালক প্ৰমোদ দাসে ৷ দেওবাৰে ’নিংনি ভাউৰা ৰিটাৰ্ণছ’(Ningni Bhaura Returns) নামৰ চিৰিজটোৰ সম্পন্ন হয় শুভ মহুৰত ৷

muhurat-programme-of-comedy-youtube-series-ningni-bhaura-returns
’নিংনি ভাউৰা ৰিটাৰ্ণছ’ৰ শুভ মহুৰত সম্পন্ন

বৰপেটা, 4 অক্টোবৰ : হাস্যৰসেৰে সমাজক বাট দেখুওৱা, সমাজৰ দোষ-ত্ৰুটিসমূহ উদঙাই দেখুৱাই সমাজ সংস্কাৰৰ চেষ্টা চলোৱা বৰপেটাৰ এটা বাস্তৱ চৰিত্ৰ হৈছে ‘নিংনি ভাউৰা’ ৷ বৰপেটা চহৰৰ মাজৰহাটীৰ নিংনি ভাউৰাৰ কাহিনীসমূহ বৰপেটা জিলাৰ লগতে সমগ্ৰ নামনি অসমতে বিশেষভাৱে জনপ্ৰিয় ৷

ইংৰাজৰ শাসনৰ সময়চোৱাত বহু ইংৰাজ বিষয়াৰ সৈতে অতি মধুৰ সম্পৰ্ক গঢ়ি উঠা নিংনি ভাউৰাৰ কাহিনী সমূহৰ জৰিয়তে সেই সময়ৰ বৰপেটাৰ সমাজ জীৱনৰ চিত্ৰও ফুটি উঠিছিল ৷ নিজৰ প্ৰকৃত নাম লোপ পাই নিংনি ভাউৰা হিচাপেই পৰিচিত নিংনি ভাউৰাৰ কাহিনীসমূহক ইউটিউব(Youtube) খণ্ডযোগে অসমৰ ৰাইজলৈ আগবঢ়াই নিয়াৰ প্ৰয়াস চলাইছে প্ৰযোজক তথা পৰিচালক প্ৰমোদ দাসে ৷

কাদম্বৰী ক্ৰিয়েছনে প্ৰযোজনা কৰা ’নিংনি ভাউৰা ৰিটাৰ্ণছ’(Ningni Bhaura Returns) নামৰ চিৰিজটোৰ দেওবাৰে সম্পন্ন হয় শুভ মহুৰত ৷ বৰপেটাত সম্পন্ন হোৱা শুভ মহুৰত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা শইকীয়া, চেতনা দাস আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷

পৰিচালক প্ৰমোদ দাসে শিশু আৰু কিশোৰ-কিশোৰী সকলক লৈ নিৰ্মাণ কৰিবলৈ লোৱা এই চিৰিজটোৰ মহুৰত অনুষ্ঠানতে পৰিচালক প্ৰমোদ দাসে ৰচনা কৰা ‘যুগলবন্দী’ আৰু ‘নিংনি ভাউৰাৰ কথা’ নামৰ নাট দুখনো উন্মোচন কৰা হয় ৷ উল্লেখ্য যে, এই শুভ মহুৰত অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তিৰ লগতে চিৰিজটোৰ সৈতে জড়িত শিশু শিল্পী আৰু কলা-কুশলী সকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ৰঙামাটিত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.