কলিয়াবৰ, 27 জুলাইঃ শনিবাৰে বিয়লি কলিয়াবৰৰ বৰঘূলীৰ ব্ৰহ্মপুত্ৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে সাংসদ গৌৰৱ গগৈয়ে । প্ৰায় পোন্ধৰ দিন ধৰি চলি থকা ব্ৰহ্মপুত্ৰই বৰঘূলী কৃষি বান্ধৰ লগতে বাসভূমি তথা কৃষি ভূমি খহাই সন্ত্ৰাসৰ সৃষ্টি কৰে । খহনীয়া পৰিদৰ্শনৰ কালত জল সম্পদ বিভাগৰ বিষয়াবৰ্গৰ পৰা খহনীয়াৰ সবিশেষ বুজ লয় সাংসদগৰাকীয়ে । বৰঘূলী অঞ্চলৰ খহনীয়া পীড়িতৰ বাবে স্থাপন কৰা তিনিটা আশ্ৰয় শিৱিৰত বান সাহায্য বিতৰণ কৰি স্থানীয় ৰাইজৰ ক্ষয়-ক্ষতিৰো বুজ লয় । স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰীৰ অকৰ্মণ্যতাক তীব্ৰ ভাষাৰে সমালোচনা কৰে । কেন্দ্ৰীয় চৰকাৰেও বানৰ ক্ষতিপুৰণ দিয়াত কৃপণালী কৰিছে বুলি অভিযোগ কৰে সাংসদ গৰাকীয়ে।
বৰপেটা, 27 জুলাইঃ বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ বতৰা লৈ সাংসদ আব্দুল খালেকে শনিবাৰে বৰপেটাৰ কেবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৷ বৰপেটা জিলাৰ লগতে সমগ্ৰ লোকসভা সমষ্টিটো বানত ডুব গৈ থকা বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে ৷ জিলা প্ৰশাসনে বানপীড়িতৰ বাবে কৰিব পৰাখিনি কৰিছে যদিও চৰকাৰে প্ৰয়োজনীয় বান সাহায্য আগবঢ়োৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৷ অসমৰ বানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা সন্তোষজনক নহয় বুলিও ক্ষোভ উজাৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ৷ দেশৰ অন্য ৰাজ্যত বান হ'লে সকলোৱে সহায়ৰ হাত আগবঢ়োৱাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত সেয়া দেখা পোৱা নাযায় বুলিও অভিযোগ তোলে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীক অসমলৈ আহি বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচতো গৃহমন্ত্ৰী গৰাকীয়ে অসমলৈ নহাৰ প্ৰসংগক লৈয়ো অসন্তুষ্টি ব্যক্ত কৰে ৷
লগতে পঢ়কঃ বফৰ্চ গানঃ কাৰ্গিল যুদ্ধৰ জীৱন্ত যোদ্ধা