ETV Bharat / state

আলফাই এনে কাম কৰিব নালাগিছিল: সাংসদ আব্দুল খালেক

author img

By

Published : May 8, 2022, 8:42 PM IST

চোৰাংচোৱাৰ অভিযোগত আলফা(স্বা)য়ে দুজনকৈ অসমীয়া যুৱকক মৃত্যুদণ্ড বিহা ঘটনাক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Death Penalty by ULFA I) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছী সাংসদ আব্দুল খালেকে ৷ সাংসদগৰাকীয়ে এই প্ৰসংগত আলফা(স্বা)ক সমালোচনা কৰাৰ লগতে অসম চৰকাৰৰ প্ৰতিও জনালে বিশেষ আহ্বান ৷

Death Penalty by ULFA I
আলফাই এনে কাম কৰিব নালাগিছিল: সাংসদ আব্দুল খালেক

বৰপেটা, ৮ মে’: ‘‘আলফাই এনে কাম কৰিব নালাগিছিল’’ ৷ চোৰাংচোৱাৰ সন্দেহত আলফা শিবিৰত দুজনকৈ অসমীয়া যুৱকক মৃত্যুদণ্ড বিহাক লৈ দেওবাৰে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে কৰে এই মন্তব্য (Death Penalty by ULFA I)৷ সাংসদগৰাকীয়ে এয়া দুখজনক ঘটনা বুলি উল্লেখ কৰাৰ লগতে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে ৷ আলফাৰ কাৰ্যত দুখ প্ৰকাশ কৰি কংগ্ৰেছ সাংসদ আব্দুল খালেকে আলফাই এই ঘটনাটোক মানৱীয় দৃষ্টিভংগীৰেও বিচাৰ কৰিব পাৰিলেহেতেন বুলি প্ৰকাশ কৰে ৷

ইপিনে যুৱক দুজনে আৰক্ষীৰ চোৰাংচোৱা বুলি যি স্বীকাৰোক্তি দিছে সেই স্বীকাৰোক্তিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি এয়া আলফাৰ আদালতত কৰা স্বীকাৰোক্তি বুলিহে মন্তব্য কৰে আব্দুল খালেকে ৷ আনকি যুৱক দুজনে এই কথা স্বীকাৰ কৰিছে নে নাই সেই কথাৰো কোনো প্ৰমান নাই বুলি দাবী কৰে ৷ ইপিনে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা এইক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে (Abdul Khalequ on death sentence by ULFA I) ৷

আলফাৰ সংঘাত কেন্দ্ৰীয় চৰকাৰৰ সৈতেহে ৷ সেয়ে আলফালৈ চোৰাংচোৱা প্ৰেৰণ কৰিব নালাগিছিল (Spy in ULFA I)৷ যদি পঠাইছিলেই তেন্তে তেওঁলোকক উদ্ধাৰ কৰি অনাৰো দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল’ব লাগিছিল বুলিও মন্তব্য কৰে খালেকে ৷ কংগ্ৰেছ সাংসদগৰাৰীয়ে ৰাজ্য চৰকাৰক সমালোচনা কৰিয়েই ক্ষান্ত নাথাকি দুৰ্ভগীয়া পৰিয়াল দুটাক এককালীন সাহায্য আৰু সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ৷

লগতে পঢ়ক: আলফাৰ ভিতৰত থকা বহুতকে গোপনে হত্যা কৰিছে আলফাই : ভাস্কৰ জ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.