বৰপেটা ২৮ মাৰ্চ: সৰুক্ষেত্ৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ । সৰুক্ষেত্ৰীৰ কুকাৰপাৰত কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় সাংসদ আব্দুল খালেকে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মহাজোঁটে ২৫ৰ পৰা ৩০খন আসন লাভ কৰিব বুলি দাবী কৰে আব্দুল খালেকে ।
বৰপেটা জিলাৰ পাঁচখন আসনৰ ভিতৰত পাঁচখনেই কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হ'ব বুলিও দাবী কৰা দেখা যায় আব্দুল খালেকক । ইপিনে ৰাইজক সম্বোধন কৰি আব্দুল খালেকে কয় জাকিৰক পঞ্চাশ হাজাৰ ভোটৰ ব্যৱধানত জয়ী কৰাওক মন্ত্ৰীত্ব দিয়া দায়িত্ব মোৰ । জাকিৰ হুছেইন শিকদাৰ সৰুক্ষেত্ৰীৰেই নহয়, অসমৰ কন্ঠ, নিপীড়িত-দৰিদ্ৰৰ কন্ঠ বুলিও মন্তব্য কৰে আব্দুল খালেকে ।
![জাকিৰ হুছেইন শিকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ আব্দুল খালেকৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-17to23-28mar-mp-abdul-khalek-at-sarukhetri-visbitephoto-as10038_28032021182801_2803f_1616936281_1088.png)
আনহাতে এইবাৰৰ নিৰ্বাচন পৰিৱৰ্তন নহয়, বিজেপিৰ পৰা পৰিত্ৰাণ পোৱাৰ নিৰ্বাচন বুলিও মন্তব্য কৰে আব্দুল খালেকে । বৰপেটা ৰাজীৱ ভৱনত তলা মৰা কাৰ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আব্দুল খালেকে কয় যে, কোনো সন্তানে মাতৃক তলা বন্ধ নকৰে । ডাঃ তাৰা প্ৰসাদ দাসক বিজেপিৰ এজেন্ট আখ্যা আব্দুল খালেকৰ ।
লগতে পঢ়ক: প্ৰথম পৰ্যায়ত উজনিৰ আটাইকেইখন জিলাতে পোনপটীয়া যুঁজ..