বৰপেটা, 7 চেপ্তেম্বৰঃ ভাৰত চৰকাৰে যান-বাহন আইনৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়মৰ সংশোধন ঘটাই নতুনকৈ নিৰ্ধাৰণ কৰা নীতি নিয়মৰ প্ৰচাৰৰ বাবে যি ব্যৱস্থা হাতত লৈছে, সেই প্ৰচাৰ অভিযান পূৰ্ণৰূপত চলাই গৈছে বৰপেটা জিলা পৰিবহন বিভাগে ৷ বৰপেটা জিলা পৰিবহণ বিভাগৰ পৰিদৰ্শক হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটি দলে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোডৰ শিমলাগুৰীত ৰাইজৰ মাজত সজাগতা অনাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰে ৷ যান-বাহন সংশোধনী আইন সংশোধিত ৰূপত অৰ্থাৎ নতুন নীতিনিয়মৰ মাধ্যমত নিজৰ যানবাহন সমূহ চলাবলৈ ৰাইজক আহ্বান জনায় ৷
যান-বাহন সংশোধনী আইন সন্দৰ্ভত সজাগতা সভা - যান-বাহন সংশোধনী আইন সজাগতা সভা
বৰপেটা আৰু গুৱাহাটীত জিলা প্ৰশাসনৰ উদ্যোগত যান-বাহন সংশোধনী আইন সজাগতা সভা ৷ বৰপেটা জিলা পৰিবহণ বিভাগৰ পৰিদৰ্শক হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পথসভা ৷
![যান-বাহন সংশোধনী আইন সন্দৰ্ভত সজাগতা সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4363972-thumbnail-3x2-road.jpg?imwidth=3840)
বৰপেটা, 7 চেপ্তেম্বৰঃ ভাৰত চৰকাৰে যান-বাহন আইনৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়মৰ সংশোধন ঘটাই নতুনকৈ নিৰ্ধাৰণ কৰা নীতি নিয়মৰ প্ৰচাৰৰ বাবে যি ব্যৱস্থা হাতত লৈছে, সেই প্ৰচাৰ অভিযান পূৰ্ণৰূপত চলাই গৈছে বৰপেটা জিলা পৰিবহন বিভাগে ৷ বৰপেটা জিলা পৰিবহণ বিভাগৰ পৰিদৰ্শক হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটি দলে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰোডৰ শিমলাগুৰীত ৰাইজৰ মাজত সজাগতা অনাৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰে ৷ যান-বাহন সংশোধনী আইন সংশোধিত ৰূপত অৰ্থাৎ নতুন নীতিনিয়মৰ মাধ্যমত নিজৰ যানবাহন সমূহ চলাবলৈ ৰাইজক আহ্বান জনায় ৷
বৰপেটা জিলা পৰিবহণ বিভাগৰ পৰিদৰ্শক হিমাংশু কুমাৰ দাসৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটি দলে বৰপেটাৰোডৰ শিমলাগুৰীত ৰাইজৰ মাজত সজাগতা অনাৰ বাবে নতুন মটৰ ভিহকেল এক্টৰ নীতিনিয়ম সমূহ ৰাইজক অৱগত কৰায় ৷ Conclusion:সংশোধিত মটৰ ভিহকেল আইন মানি চলিলে সঘনাই হৈ থকা পথ দূৰ্ঘটনা ৰোধ হব বুলি জানিবলৈ দি পৰিদৰ্শক গৰাকীয়ে কয় বাইক চলাওতে হেলমেট পৰিধান কৰা, সুৰাপান কৰি বাইক-গাড়ী নচলোৱা, ছিট বেল্ট লগোৱা, সচেতন হৈ গাড়ী চলোৱা, বাইক-গাড়ী চলোৱাৰ সময়ত মোবাইলত কথা নাপাতা, পদপথত খোজ কঢ়াৰ সময়ত নিয়মনীতি মানি চলা,কম বয়সীয়া লৰা ছোৱালীক বাইক-গাড়ী চলাবলৈ নিদিয়া, মটৰ ভিহকেল আইন অমান্য কৰিলে আইনমতে কাৰাদণ্ডৰ দৰে শাস্তি পোৱাৰ লগতে কম বয়সীয়া লৰা ছোৱালীক বাইক-গাড়ী চলালে ২৫ হাজাৰ টকালৈকে জৰিমনা অভিভাৱকে আদায় দিব লাগিব বুলিও সজাগতা সভাত বৰপেটা জিলা পৰিবহণ বিভাগৰ পৰিদৰ্শক হিমাংশু কুমাৰ দাসে অৱগত কৰাই মটৰ ভিহকেল এক্টৰ সংশোধিত ৰূপত অৰ্থাৎ নতুন নীতিনিয়মৰ মাধ্যমত নিজৰ যানবাহন সমূহ চলাবলৈ ৰাইজক আহ্বান জনায় ৷
বাইট হিমাংশু কুমাৰ দাস পৰিদৰ্শক বৰপেটা জিলা পৰিবহণ বিভাগ
Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059