ETV Bharat / state

নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ধন হৰলুকিৰ ঘটনাৰে জড়িত দুই কৰ্মচাৰীক আটক

নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ধন হৰলুকিৰ ঘটনাৰ সৈতে জড়িত দুই কৰ্মচাৰীক আটক ৷ বৰপেটা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা শনিবাৰে নিশা চুৰি হৈছিল প্ৰায় ৫৫ লাখ টকা ৷ আৰক্ষীয়ে অভিযান চলাই ধনখিনি উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত দুই কৰ্মচাৰীক আটক কৰে ৷

author img

By

Published : Apr 4, 2021, 10:58 PM IST

money-thief-from-barpeta-election-office
নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ধন হৰলুকিৰ ঘটনাৰে জড়িত দুই কৰ্মচাৰীক আটক

বৰপেটা, ৪ এপ্ৰিল: বৰপেটা জিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ ধন হৰলুকিৰ ঘটনাৰ সৈতে জড়িত দুই কৰ্মচাৰীক আটক বৰপেটা আৰক্ষীৰ ৷ বৰপেটা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা শনিবাৰে নিশা চুৰি হৈছিল প্ৰায় ৫৫ লাখ টকা ৷ কাৰ্যালয়টোত ৰখা এটা ট্ৰাংকৰ পৰা নিশা চুৰি হৈছিল ধনখিনি ৷

দেওবাৰে আৰক্ষীয়ে এক অভিযান চলাই ধনখিনি উদ্ধাৰ কৰাৰ লগতে কাৰ্যালয়টোত কৰ্মৰত অলকেশ ডেকা আৰু প্ৰাঞ্জল কাকতিক আটক কৰে ৷ এই ঘটনাক লৈ বৰপেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱামতে, শনিবাৰে নিশা প্ৰায় আঢ়ৈ বজাত কাৰ্যালয়টোৰ দুই কৰ্মচাৰী অলকেশ ডেকা আৰু প্ৰাঞ্জল কাকতিয়ে খিৰিকীৰে ভিতৰ সোমাই ট্ৰাংকটোৰ তলা ভাঙি প্ৰায় ৫৫ লাখ টকা চুৰি কৰি নিছিল ৷ দেওবাৰে নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী এজনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই অলকেশ ডেকা আৰু প্ৰাঞ্জল কাকতিৰ আত্মীয়ৰ ঘৰৰ পৰা ধন খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

এই ধন হৰলুকিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে দুয়োগৰাকী কৰ্মচাৰীকে আটক কৰে আৰক্ষীয়ে ৷ নিৰ্বাচনত জড়িত বিষয়া-কৰ্মচাৰীক মাননি দিয়াৰ বাবে কাৰ্যালয়টোত ৰখা হৈছিল ধনখিনি ৷ ইপিনে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰা কাৰ্যালয়টোৰ আন ৫ কৰ্মচাৰীক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ মুখমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.