ETV Bharat / state

বৰপেটাত নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকি

বৰপেটাত নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা ৫৫ লাখ টকা হৰলুকী ৷ কাৰ্যালয়টোৰ ট্ৰাংকৰ পৰা হৰলুকী নগদ ৫৫ লাখ টকা ৷ ৫ কৰ্মচাৰীসহ ৭ লোকক আটক কৰে বৰপেটা আৰক্ষীয়ে ৷

author img

By

Published : Apr 4, 2021, 6:58 PM IST

বৰপেটাত বৃহৎ পৰিমাণৰ ধন হৰলুকি
বৰপেটাত বৃহৎ পৰিমাণৰ ধন হৰলুকি

বৰপেটা, ৪ এপ্ৰিল: নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা ধন হৰলুকীৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত কাৰ্যালয়টোৰ ৫ কৰ্মচাৰীসহ ৭ লোকক আটক কৰে বৰপেটা আৰক্ষীয়ে ৷ আটকাধীন লোক কেইজন ক্ৰমে হেমাংগ চৌধুৰী, অলকেশ দাস, প্ৰাঞ্জল কাকতি, ধনজিৎ দাস, জামালুদ্দিন, মনোজ দাস আৰু ৰাজু বসাক ৷ আটকাধীন আটাইকেইজনৰ ঘৰত শনবাৰে নিশা আৰক্ষীয়ে তালাচী চলাইছিল যদিও ধন উদ্ধাৰত ব্যৰ্থ হৈছিল ৷ অৱশ্যে দেওবাৰে দিনৰ ভাগত প্ৰায় ৪৫ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

বৰপেটাত বৃহৎ পৰিমাণৰ ধন হৰলুকি

এই পৰ্যন্ত বাকী ১০ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ নিৰ্বাচনী কাৰ্যালয়টেৰ কৰ্মচাৰী অলকেশ দাস আৰু প্ৰাঞ্জল কাকতিৰ আত্মীয়ৰ ঘৰত তালাচী চলাই ৪৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

আৰক্ষী অথবা জিলা প্ৰশাসনে ঘটনাটোক লৈ সম্পূৰ্ণ নিৰৱতা অৱলম্বন কৰি আছে ৷ দেওবাৰে নিশাৰ ভাগলৈ ঘটনাটোৰ বিষয়ে সাংবাদিকক সবিশেষ জনাব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ এইমূহূৰ্তলৈকে আৰক্ষীৰ অনুসন্ধানৰ লগতে বাকী ধন খিনি উদ্ধাৰ অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক: বৰপেটাত 144 নং ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.