ETV Bharat / state

বৰপেটাৰোডত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন - নিৰ্বাচন

বুধবাৰে বৰপেটাৰোডত তালাচী অভিযানত জব্দ মুঠ 23,67,500 টকা ৷ ফ্লায়িং স্কোৱাড আৰু স্থিৰ নিৰীক্ষণকাৰী দলৰ নিয়মীয়া তালাচীত জব্দ টকাখিনি ৷ সম্প্ৰতি টকাখিনি জমা ৰখা হৈছে আয়কৰ বিভাগত ৷

money-seized
বৰপেটাৰোডত টকা জব্দ
author img

By

Published : Mar 17, 2021, 3:34 PM IST

বৰপেটাৰোড,17 মাৰ্চ: বৰপেটাৰোডৰ পৃথক স্থানত ফ্লায়িং স্কোৱাড আৰু স্থিৰ নিৰীক্ষণকাৰী দলৰ অভিয৷ন ৷ বুধবাৰে ফ্লায়িং স্কোৱাড আৰু স্থিৰ নিৰীক্ষণকাৰী দলে চলোৱা তালাচীত জব্দ হয় মুঠ 23,67,500 টকা ৷ শিমলাগুৰিৰ এছবিআই শাখাৰ সন্মুখত নিয়মীয়া তালাচী চলাই এখন বাহনৰ পৰা টকাখিনি জব্দ কৰা হয় ৷ ইয়াৰ পাচতে আন এখন বাহনৰ পৰা এক লাখ টকা জব্দ কৰে আৰক্ষীয়ে ৷

money-seized
বৰপেটাৰোডত টকা জব্দ

প্ৰাপ্ত তথ্য অনুসৰি, ছফিকুল ইছলাম নামৰ এজন যুৱকে বৰপেটাৰোডৰ পৰা সৰুপেটা অভিমুখে লৈ গৈছিল টকাখিনি ৷ ইয়াৰে এক লাখ টকা ইমৰান ৰাজা নামৰ আন এজন লোকৰ বুলি জানিব পৰা গৈছে ৷ ব্যক্তিজনে কোনো উপযুক্ত কাৰণ দৰ্শাব নোৱাৰাত জব্দ কৰা টকাখিনি আয়কৰ বিভাগত জমা ৰখাৰ কথা জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে ৷ উল্লেখ্য যে, নিৰ্বাচন বিধি অনুসৰি কোনো লোকে 50 হাজাৰতকৈ বেছি টকা লগত ৰাখিব নোৱাৰে আৰু দহ হাজাৰতকৈ বেছি মূল্যৰ নিচাজাতীয় সামগ্ৰী কঢ়িয়াই নিব নোৱাৰে ৷

সেয়েহে, নিৰ্বাচনৰ বিধি অনুসৰি সকলো ৰাইজকে এই ক্ষেত্ৰত সজাগ হ’বলৈ আহ্বান জনাইছে অভিযানকাৰী দলটোৱে ৷

লগতে পঢ়ক: নৃশংস ! পত্নীয়ে মৰিয়াই হত্যা কৰিলে স্বামীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.