বৰপেটাৰোড 23 ছেপ্তেম্বৰ: মঙলবাৰে কলগাছিয়াৰ সমীপৰ ময়নবড়ীৰ ছানোৱাৰ খান নামৰ এগৰাকী ব্যক্তিৰ পৰা চিলনী চোৰে কাঢ়ি নিলে 2 লাখ টকা ৷ এই ঘটনা সংঘটিত হয় বৰপেটাৰোডত ৷ ব্যক্তিজনে মঙলবাৰে বৰপেটাৰোডৰ এক্সিছ বেংকৰ পৰা 2 লাখ টকা উলিয়াই ৷ টকাখিনি তেওঁ বৰপেটাৰোডৰ মিছনৰোডৰ এগৰাকী ব্যৱসায়ীক দিবলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় ঘটনাটো ৷
তেওঁৰ পিচফালৰ পৰা বাইকেৰে আহি থকা দুজন অচিনাকী যুৱকে তেওঁৰ হাতৰ পৰা টকাৰ বেগটো কাঢ়ি নি তীব্ৰ বেগে সেই স্থানৰ পৰা উধাও হয় ৷ বেগটোত টকা খিনিৰ ওপৰিও এটিএম কাৰ্ড, বেংকৰ পাছবুক, চেকবুক, ভোটাৰ কাৰ্ডকে ধৰি বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ৷ ঘটনা সন্দৰ্ভত লোকগৰাকীয়ে বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷
লগতে পঢ়ক: বঙাইগাঁৱত বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ