বৰপেটা, 7 এপ্ৰিল : ৰাজ্যবাসীলৈ চৰকাৰৰ বহাগ বিহুৰ বিশেষ উপহাৰ ৷ আগন্তুক 28 এপ্ৰিলত ৰাজ্যৰ 7 খনকৈ কেঞ্চাৰ হাস্পতাল মুকলি কৰাৰ লগতে ৰাজ্যখনত পুনৰ আন 7 খন কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰা হ’ব ৷ বৃহস্পতিবাৰে বৰপেটা কেঞ্চাৰ হাস্পতাল পৰিদৰ্শন কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰি কৰে ৷
তেও জনোৱা মতে, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, নগাও, নলবাৰী, ধুবুৰী, গোৱালপাৰাত নতুনকৈ স্থাপন কৰিবলগীয়া কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰা হ’ব ৷ ইপিনে গুৱাহাটী, শিলচৰ, ডিফু কেঞ্চাৰ হাস্পতাল কেইখন অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷
এই কেঞ্চাৰ হাস্পতালকেইখন 28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে আন 7 খন হাস্পতালৰ আধাৰশিলাও স্থাপন কৰিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে (Modi to inaugurate seven cancer hospitals) ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বহাগ বিহুৰ উপহাৰ হিচাপে ডিব্ৰুগড়ৰ পৰা বৰপেটা কেঞ্চাৰ হাস্পতালৰ লগতে মুঠ 7 খন কেঞ্চাৰ হাস্পতাল ৰাইজৰ বাবে উচৰ্গা কৰিব ৷
ইপিনে পৰবৰ্তী সময়ত ৰাজ্যখনত সৰ্বমুঠ 17 খন কেঞ্চাৰ হাস্পতাল নিৰ্মাণ হৈ উঠিব বুলি সদৰি কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ ইপিনে অহা 29 এপ্ৰিলৰ পৰা বৰপেটা কেঞ্চাৰ হাস্পতালত ৰোগীৰ চিকিৎসা আৰম্ভ হ’ব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷
বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চৌহদত নিৰ্মাণ কৰি থকা কেঞ্চাৰ হস্পিতালখনৰ আন্তঃ গাঁথনিৰ কাম-কাজৰো বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ ইপিনে ক’ভিডৰ নতুন ভেৰিয়েন্ট মুম্বাই আহি পোৱা বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
অৱশ্যে ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰে কঁকালত ভালকৈয়ে টঙালি বন্ধা বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ 12 বছৰ বয়সৰ পৰা 60 বছৰ বয়সৰ সকলোকে প্ৰায় দুটাকৈ ক’ভিডৰ প্ৰতিষেধকৰ লগতে বহুতকে বুষ্টাৰ ড'জ প্ৰদান কৰাৰ কথা উল্লেখ কৰি ৰাইজৰ সহযোগত ক’ভিডৰ বিৰুদ্ধে যুঁজিব পাৰিব বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷
লগতে পঢ়ক : গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ ৰূপায়ণত চৰম ব্যৰ্থতা চৰকাৰ