মঙলদৈ, 9 এপ্ৰিলঃ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে কমলপুৰলৈ আহিব প্ৰধানমন্ত্ৰী মোডী ৷ 11 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে কামালপুৰত যুদ্ধকালীন তৎপৰতা ৷
ডেৰ লক্ষাধিক লোকৰ সমাগম হোৱাৰ আশা ৰাখিছে ৰাজ্যিক বিজেপি আৰু অগপ দলে ৷ প্ৰধানমন্ত্ৰীৰ আগমণৰ বাবে হেলিপেড নিৰ্মাণৰ লগতে প্ৰস্তুত কৰি উলিওৱা হৈছে বৃহৎ সভাঘৰ ৷ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ তত্বাৱধানত মোদীৰ জনসভাখনৰ আয়োজন কৰা হৈছে ।জনসভাকলৈ বিজেপি আৰু অগপৰ যুটীয়া পৰিচালনা সমিতি গঠন।