ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয় পৰিদৰ্শন বিধায়ক হাফিজ ৰফিকুল ইছলামৰ

author img

By

Published : Apr 29, 2021, 9:53 PM IST

বৃহস্পতিবাৰে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে । বিধায়কগৰাকীয়ে পৰিদৰ্শন কালত চিকিৎসালয়খনৰ ক'ভিড পৰিস্থিতিৰ বুজ লয় ।

কলগাছিয়া অসামৰিক চিকিৎসালয় পৰিদৰ্শন বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ

জনীয়া, ২৯ এপ্ৰিল : কৰ'ণা মহামাৰীয়ে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে । কলগাছিয়াতো দৈনিক বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা । বৃহস্পতিবাৰে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে । ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ বিধায়কগৰাকীয়ে পৰিদৰ্শন কৰে চিকিৎসালয়খন । পৰিদৰ্শন কালত ৰাইজক অভয় বাণী প্ৰদান কৰে বিধায়কগৰাকীয়ে ।

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ৩৪ গৰাকীকৈ কৰ'ণা ৰোগী চিকিৎসাধীন হৈ আছে । বৃহস্পতিবাৰে পুনৰ দুগৰাকীৰ দেহত কৰ'ণাৰ অৱস্থতি ধৰা পৰিছে । চিকিৎসালয়খনত একেলগে প্ৰায় ৫০ জন ক'ভিড ৰোগীক অক্সিজেন দিব পৰাকৈ অক্সিজেন মজুত আছে বুলি জানিবলৈ দিয়ে ড৹ হাফিজ ৰফিকুল ইছলামে । ইয়াৰোপৰি চিকিৎসালয়লৈ অহা ৰোগীসকলৰহে ক'ভিড পৰীক্ষা কৰা হৈছে কিন্তু হাট, বজাৰ, গাঁও অঞ্চলৰ লগতে ৰাজহুৱা স্থানত কোনো ধৰণৰ ক'ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে ৰফিকুল ইছলামে । পূৰ্বৰ তুলনাত এইবাৰ ক'ভিড পৰীক্ষা কৰা হোৱা নাই বুলিও কয় বিধায়কগৰাকীয়ে । গতিকে সকলো ৰাইজক ক'ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ।

লগতে পঢ়ক: মাণিকপুৰৰ সংঘৰ্ষস্থলীত উপস্থিত ডিআইজি দীলিপ কুমাৰ দে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.