বৰপেটা, 1 জুলাইঃ বানত ক্ষতিগ্ৰস্ত হৈছে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিভিন্ন এলেকা । বুধবাৰে বানাক্ৰান্ত ৰাইজৰ খবৰ ল'বলৈ বিভিন্ন শিবিৰত উপস্থিত হয় সমষ্টিটোৰ বিধায়ক শ্বেৰমান আলী আহমেদে ।
বানাক্ৰান্ত সকলৰ মাজত উপস্থিত হৈ তেওঁ চৰকাৰক গৰাখহনীয়া ৰোধৰ বাবে দাবী জনাই আৰু বানাক্ৰান্ত লোক সকলৰ মাজত তিৰ্পাল, টিউবেল আদিৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে ।
বিধায়ক গৰাকীৰ লগত পৰিদৰ্শনৰ সময়চোৱাত উপস্থিত থাকে লাট মণ্ডল আৰু গাওঁবুঢ়া । বিধায়ক গৰাকীয়ে লাট মণ্ডল আৰু গাওঁবুঢ়া সকলক বানাক্ৰান্ত ৰাইজৰ ক্ষয় ক্ষতিৰ প্ৰতিবেদন দাখিলৰ লগতে প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখিবলৈ আহ্বান জনায়।
লগতে পঢ়ক : পাকিস্তান ষ্টক এক্সচেঞ্জ গুলিচালনাৰ অভিযোগ নসাৎ বেলুচ লিবাৰেশ্বন আৰ্মিৰ