ETV Bharat / state

নিকা আৰু স্বচ্ছতাৰে এ পি এছ চিৰ পৰীক্ষা অনুষ্ঠিত হৈছিল: বিধায়ক ৰফিকুল ইছলামৰ - বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম

MLA Hafiz rafiqul islam :পৰীক্ষা পদ্ধতি নিকা আৰু স্বচ্ছ হোৱাৰ বাবে যোগ্যজনে এ পি এছ চিত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই মন্তব্য বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ

MLA Dr Hafiz Rafiqul Islam reacts on APSC exam
নিকা আৰু স্বচ্ছতাৰে এ পি এছ চিৰ পৰীক্ষা অনুষ্ঠিত হৈছিল
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 2:28 PM IST

নিকা আৰু স্বচ্ছতাৰে এ পি এছ চিৰ পৰীক্ষা অনুষ্ঠিত হৈছিল

জনিয়া, 18 জানুৱাৰী : সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কলগাছিয়াৰ দুগৰাকীকৈ বোৱাৰীয়ে সফলতা লাভ কৰিলে ৷ জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা দুয়োগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰা অসমৰ প্ৰতিজন পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰে ৷

তেওঁ লগতে কয়, ‘‘জনিয়া সমষ্টিত 5-6 জন মেধাৱী ল’ৰা-ছোৱালীয়ে এ পি এছ চিত স্থান লাভ কৰিছে তাৰ বাবে আমি গৌৰৱান্বিত ৷ কাৰণ স্বাধীনতাৰ 76 বছৰৰ ভিতৰত মাত্ৰ 2-3 জনেহে এ পি এছ চিত স্থান পাইছিল ৷ কিন্তু এইবেলি পৰীক্ষা পদ্ধতি নিকা আৰু স্বচ্ছ হোৱাৰ বাবে যোগ্যজনে স্থান লাভ কৰিব পাৰিছে ৷’’

লগতে তেওঁ পুনৰ কয়, ‘‘ৰাকেশ পালৰ দৰে ব্যক্তিসকল দায়িত্ব থকাৰ সময়ত বহুত দুৰ্নীতি হৈছিল ৷ যোগ্যজনক বঞ্চিত কৰা হৈছিল ৷ কিন্তু এইবেলি ভাল আৰু নিকা পদ্ধতিৰে পৰীক্ষা হৈছে ৷ তাৰ বাবে বৰ্তমানৰ অধ্যক্ষগৰাকী ধন্যবাদৰ পাত্ৰ ৷’’

আজমল কলেজৰ প্ৰসংগৰে তেওঁ কয়, ‘‘আজমল কলেজৰ পৰা 36 গৰাকীয়ে স্থান লাভ কৰাত আজমল পৰিয়ালকো ধন্যবাদ ৷’’ বৃহস্পতিবাৰে পুৱাৰ ভাগত কলগাছিয়াৰ বোৱাৰী শ্বাৱানা ৰাকিয়া আহমেদ আৰু তাহমিন চুলতানা বৰভূঞাৰ স্বামী গৃহত উপস্থিত হৈ এইদৰে মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, জনিয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া গাঁৱৰ বাহাৰুল ইছলামৰ পত্নী তাহামিন চুলতানা বৰভূঞাই ৰাজ্যৰ ভিতৰতে 8 নং স্থান দখল কৰাৰ লগতে কলগাছিয়াৰ ফৰহাদুল হাছানৰ পত্নী শ্বাবানা ৰাকিয়া আহমেদ ৰাজ্যৰ ভিতৰতে 309 নং স্থান লাভ কৰি কলগাছিয়া লৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

লগতে পঢ়ক : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল কলগাছিয়াৰ দুই বোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.