ETV Bharat / state

Assam Direct Recruitment: মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি চাকৰিৰ বজাৰ আৰম্ভ কৰাৰ অভিযোগ - Assam police recruitment

লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি পুনৰ চাকৰিৰ বজাৰ আৰম্ভ কৰিব বিচাৰিছে চৰকাৰে ৷ এই অভিযোগ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ (MLA Ashraful Hussain)৷

Assam Direct Recruitment
মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি চাকৰিৰ বজাৰ আৰম্ভ কৰাৰ অভিযোগ
author img

By

Published : Oct 19, 2022, 8:04 PM IST

বৰপেটা, ১৯ অক্টোবৰ : মঙলবাৰে ঘোষণা কৰা হ’ল অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল (Assam recruitment exam result)৷ উক্ত ফলাফলত ২৬ হাজাৰ ৬৮২ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । ফলাফল ঘোষণাৰ পাছতে উত্তীৰ্ণ পৰীক্ষীসকল মৌখিক পৰীক্ষাতো বহিব লাগিব বুলি জনোৱাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (viva for 4th grade recruitment)৷

লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল পুনৰ মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হোৱাৰ বিৰোধিতা কৰিছে বৰপেটাৰ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে (MLA Ashraful Hussain)৷ সংবাদ মেল সম্বোধন কৰি এআইইউডিএফৰ বিধায়কগৰাকীয়ে কয় যে, ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুৰ্নীতি ৰোধৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত মৌখিক পৰীক্ষা বন্ধ কৰাৰ কথা উল্লেখ কৰিছিল (Narendra Modi tweet on viva) ৷

মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি চাকৰিৰ বজাৰ আৰম্ভ কৰাৰ অভিযোগ

কিন্তু অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি চাকৰিৰ বজাৰ মেলিব খুজিছে বুলি মন্তব্য কৰে বিধায়ক আশ্ৰাফুল হুছেইনে ৷ মৌখিক পৰীক্ষা অনুষ্ঠিত হ’লে দালালে চাকৰিৰ বজাৰ বহোৱাৰ সুযোগ ল’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

বিধায়কগৰাকীয়ে লগতে উল্লেখ কৰে যে, শেহতীয়াকৈ অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা আৰক্ষী বিভাগৰ চাকৰি(Assam police recruitment) মৌখিক পৰীক্ষা অবিহনেই কৰা হৈছিল ৷ কিন্তু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰি পুনৰ চাকৰিৰ বজাৰ আৰম্ভ কৰিবলৈ বিচৰা বুলি মন্তব্য কৰে এআইএউডিএফৰ বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, মঙলবাৰে ঘোষণা কৰা চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণসকলে অহা ডিচেম্বৰ মাহত মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ৷ উক্ত পৰীক্ষাত থাকিব মাত্ৰ ৫ নম্বৰ । লিখিত পৰীক্ষাৰ ফলাফলেই প্ৰাৰ্থীৰ নিযুক্তি নিৰ্ণয় কৰিব বুলি ফলাফল ঘোষমাৰ পাছতে দিল্লীত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

আনহাতে অহা নৱেম্বৰ মাহত ঘোষণা কৰা হ’ব তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল (Grade 3 result Assam) । উক্ত ফলাফল ঘোষণাৰ পাছত উত্তীৰ্ণ পাৰ্থীসকলৰ বাবে অনুষ্ঠিত হ’ব দক্ষতা পৰীক্ষা ।

লগতে পঢ়ক : Tharoor allegation on cong counting: মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে নিৰ্বাচনৰ নিয়ম উলংঘনৰ অভিযোগ থাৰুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.