ETV Bharat / state

বৰপেটাত বিজেপি-কংগ্ৰেছৰ সমালোচনাত মুখৰ বিধায়ক আজিজ আহমেদ খান

author img

By

Published : Apr 20, 2019, 9:47 PM IST

এই নিৰ্বাচনত কৰিমগঞ্জ, বৰপেটা আৰু ধুবুৰী সমষ্টিত কংগ্ৰেছে বিজেপিৰ হৈ কাম কৰি আছে বুলি অভিযোগ বিধায়কগৰাকীৰ ৷

আজিজ আহমেদ খানৰ নিৰ্বাচনী সভা

বৰপেটা, ২০ এপ্ৰিল : কলগাছিয়াৰ সাপ্তাহিক বজাৰত অনুষ্ঠিত এ আই ইউ ডি এফৰ নিৰ্বাচনী সভাত উপস্থিত থাকি বিজেপি-কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰিল দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খান ৷ কংগ্ৰেছ বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিধায়কগৰাকীয়ে এই নিৰ্বাচনত কৰিমগঞ্জ, বৰপেটা আৰু ধুবুৰী সমষ্টিত কংগ্ৰেছে বিজেপিৰ হৈ কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰে ৷

আজিজ আহমেদ খানৰ নিৰ্বাচনী সভা

ইপিনে সংখ্যালঘু ভোট বিভাজন নকৰি বৰপেটাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামক বিজয়ী কৰিবলৈ ৰাইজক ভোট ভিক্ষা কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে ১০০০ বিঘা ভূমি কেলেংকাৰী সম্পৰ্কত মত প্ৰকাশ কৰি মন্ত্ৰী ছিদ্দিক আহমেদৰ বিৰুদ্ধে এই কেলেংকাৰী সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আৱেদন জনোৱাৰ লগতে এই তদন্তত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তেন্তে আদালতৰ কাষ চাপিব বুলিও মন্তব্য কৰে আজিজ আহমেদ খানে ।

Slug: A_BAR_20APR_816TO818_AIUDF_ELECTION_MEETING_VIS+BITE_BAPKAN_DAS

বৰপেটাৰ এ আই ইউ ডি এফৰ নিৰ্বাচনী সভা

বৰপেটা ২০ এপ্ৰিল : ১০০০ বিঘা ভূমি কেলেংকাৰীত জড়িত থকাৰ বাবেই বিজেপিৰ শৰণাপন্ন হৈছে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ। এই অভিযোগ কৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক  আজিজ আহমেদ খান।
বৰপেটাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ বিজয় নিশ্চিত কৰিবলৈ সঘনাই নিৰ্বাচনী সভাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। আজি কলগাছিয়াৰ সাপ্তাহিক বজাৰত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ নিৰ্বাচনী সভাত উপস্থিত হয় দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খান। তেওঁ ভাষণ প্ৰসংগত কংগ্ৰেছৰ লগতে বিজেপিকো  তীব্ৰ সমালোচনা কৰে। ইফালে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ১০০০ বিঘা ভূমি কেলেংকাৰীত জড়িত আছে। এই সম্পৰ্কে মুখ্যমন্ত্ৰীক অভিযোগ কৰাত তদন্ত ঘোষণা কৰিছে। যাৰ বাবে ছিদ্দিক আহমেদে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শৰণাপন্ন হৈছে আৰু এই নিৰ্বাচনত কৰিমগঞ্জ, বৰপেটা আৰু ধুবৰী সমষ্টিত কংগ্ৰেছে বিজেপিৰ হৈ কাম কৰি আছে বুলি অভিযোগ কৰে। এই তদন্তত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আদালতৰ কাষ চাপিবও বুলি মন্তব্য কৰে আজিজ আহমেদ খানে।

বাইট: দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খান।                          
  --- বাপকন দাস, বৰপেটা                                        
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.