ETV Bharat / state

Missing Truck recoverd: অৱশেষত উদ্ধাৰ হ’ল 17 অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা ট্ৰাকখন - কাঠ ভৰ্তি ট্ৰাকলৈ উধাও

31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেঁকীপাৰৰ পৰা কাঠ ভৰ্তি ট্ৰাকলৈ উধাও হোৱাৰ ছয়দিন পাছত দেওবাৰে নিশা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৰপেটাৰোড আৰক্ষীয়ে ৷ বৰপেটাৰোডৰ সমীপৰ ছলিকন্দাৰ পৰা উদ্ধাৰ কৰে ট্ৰাকখন (Missing Truck recoverd by Barpeta road police) ।

Missing Truck recoverd by Barpeta road police
অৱশেষত উদ্ধাৰ হ’ল 17 অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা ট্ৰাকখন
author img

By

Published : Oct 24, 2022, 8:47 PM IST

বৰপেটাৰোড, 24 অক্টোবৰ: 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেঁকীপাৰৰ পৰা কাঠ ভৰ্তি ট্ৰাকলৈ উধাও হোৱাৰ ছয়দিন পাছত দেওবাৰে নিশা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৰপেটাৰোড আৰক্ষীয়ে ৷ বৰপেটাৰোডৰ সমীপৰ ছলিকন্দাৰ পৰা উদ্ধাৰ কৰে ট্ৰাকখন (Missing Truck recoverd by Barpeta road police) ।

ঘটনাৰ বিৱৰণ অনুসৰি, বিগত 17 অক্টোবৰত কাজলগাঁৱৰ বন সংমণ্ডল বিষয়াৰ (Divisional Forest Officer) কাৰ্যালয়ৰ পৰা বৰপেটাৰ কাঠ বেপাৰীয়ে খোকণ আৰু বনচম কাঠ ক্ৰয় কৰি AS -09C-7632 নম্বৰ ট্ৰাকখন ভাড়াতলৈ বৰপেটাৰ চেঙালৈ কঢ়িয়াই লৈ আহিছিল । উক্ত কাঠ কঢ়িওৱা ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থাকোতে ট্ৰাকখনৰ পিছে পিছে বেলেগ এখন গাড়ীত আহি আছিল কাঠৰ বেপাৰীজন ৷

চালক আছাদ আলী আৰু হেণ্ডিমেন ছাহজাহান আলীয়ে কাঠ কঢ়িয়াই অনা উক্ত ট্ৰাকখন বৰপেটাৰোডৰ বেঁকী ব্ৰীজ পাৰ হৈ নিশা প্ৰায় 11:30 বজাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এখন হোটেলৰ সন্মুখত ভাত খাবলৈ ৰয় ৷ হোটেলখনত ভাত খোৱাৰ পাছতে হোটেলখনত মালিকক বহাই থৈ ট্ৰাকখনৰ চালক আছাদ আলী আৰু হেণ্ডিমেন ছাহজাহান আলীয়ে তেওঁলোকৰ মোবাইল অফ কৰি কাঠ ভৰ্তি ট্ৰাকখনলৈ উধাও হয় বুলি জনায় কাঠৰ বেপাৰীজনে ৷

অৱশেষত উদ্ধাৰ হ’ল 17 অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা ট্ৰাকখন

উপায়ন্তৰ হৈ কাঠৰ বেপাৰীজনে বহু ঠাইত ট্ৰাকখনৰ সন্ধান কৰে যদিও কোনোধৰণৰ সম্ভেদ নাপাই অৱশেষত বৰপেটাৰোড আৰক্ষী থানাত (Barpeta Road Police Station) এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই বিগত 17 অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা ট্ৰাকখন দেওবাৰে নিশা বাক্সাৰ শালবাৰীৰ ছলিকন্দাৰ পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে আৰক্ষীয়ে উদ্ধাৰ কৰা ট্ৰাকখনত নাছিল কোনো কাঠ । নাছিল চালক-হেণ্ডিমেনো ৷ বৰপেটাৰোড আৰক্ষীয়ে ট্ৰাকখন উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এইমুহূৰ্তলৈকে ট্ৰাকখনৰ চালক-হেণ্ডিমেনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক: Doctor brutally beaten in Nagaon: নগাঁৱত কৰ্তব্যৰত চিকিৎসকক প্ৰহাৰ; আটক 1

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.