ETV Bharat / state

কলগাছিয়াৰ সুঁতিৰপাথাৰত বেঁকী নৈত সাত বছৰীয়া শিশু সন্ধানহীন - beki river

কলগাছিয়াৰ বেকী নৈত পৰি নিৰুদ্দেশ ৭ বছৰীয়া শিশু । অতিমাত্ৰা গৰমৰ বাবে গা ধুবলৈ গৈছিল শিশুটি পেহীয়েকৰ লগত । এন ডি আৰ এফ সময় মতে উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ ।

কলগাছিয়াৰ সুঁতিৰপাথাৰত বেঁকী নৈত সাত বছৰীয়া শিশু সন্ধানহীন

author img

By

Published : Jun 11, 2020, 8:59 PM IST

জনীয়া, ১১ জুনঃ কলগাছিয়াৰ সুঁতিৰপাথাৰত বেঁকী নৈত সাত বছৰীয়া শিশু সন্ধানহীন। নদীত গা ধুবলৈ গৈ নদীৰ গৰাখহি পানীত পৰে মকিবুল হক (৭) নামৰ শিশুটি। উল্লেখযোগ্য যে,অতিমাত্ৰা গৰমত পেহীয়েকৰ লগত বেঁকী নদীৰ সুতিত গা ধুবলৈ গৈ নদীৰ পাৰ ভাঙি সুঁতিৰপাথাৰ গাঁৱৰ কাশেম আলীৰ সাত বছৰীয়া পুত্ৰ মকিবুল হকৰ পানীত পৰি তেওঁৰ সলিল সমাধি ঘটে। লগে লগে ওচৰ চুবুৰীয়াই দৌৰি আহি নদীত নামি উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও নদীৰ সোঁতত শিশুটি সন্ধানহীন হৈ পৰে। ৰাইজে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে ঘটনাস্থলীত কলগাছিয়াৰ আৰক্ষী বাহিনী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

কলগাছিয়াৰ সুঁতিৰপাথাৰত বেঁকী নৈত সাত বছৰীয়া শিশু সন্ধানহীন
কলগাছিয়াৰ সুঁতিৰপাথাৰত বেঁকী নৈত সাত বছৰীয়া শিশু সন্ধানহীন

ইপিনে স্থানীয় লোকে দিনৰ ৩-৩০ বজাত বৰপেটাৰ এছ ডি আৰ এফ বাহিনীক ঘটনা সন্দৰ্ভত অৱগত কৰে যদিও বৰপেটা এছ ডি আৰ এফ বাহিনী সন্ধিয়া ৬-১৫ বজালৈকে ঘটনাস্থলিত উপস্থিত হোৱা নাই। মাত্ৰ ১৩ কিঃমিঃ দূৰত্বত থাকি ঘটনাস্থলিত ৩ ঘন্টাৰ পিছতো উপস্থিত নোহোৱাত ৰাইজৰ মাজত বৰপেটা এছ ডি আৰ এফৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বাতৰি সংগ্ৰহ কৰা পৰ্যন্ত উদ্ধাৰ হোৱা নাই শিশুটিৰ মৃতদেহ।

লগতে পঢকঃ টেলিকম বিভাগৰ পৰা এজিআৰৰ বাবে ধনৰাশিৰ দাবী উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.