ETV Bharat / state

অচিনাকী দুৰ্বৃত্তই নিশা জ্বলালে গেলামালৰ দোকান - ছুৰুত আলী

বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত শিতুলীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ এখন গেলামাল ভৰ্তি দোকানত মালিক নথকাৰ সুযোগ লৈ অচিনাকী কোনো দুৰ্বৃত্তই দোকানখন জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনাটো নিশা আনুমানিক ২ বাজি ৩০ মিনিটত সংঘটিত হৈছিল ৷ ইয়াকে লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

agnikanda in khituli
অচিনাকী দুৰ্বৃত্যই নিশা জ্বলাই দিলে গেলামালৰ দোকান
author img

By

Published : Apr 16, 2021, 10:42 AM IST

জনীয়া,15 এপ্ৰিল : বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত শিতুলীত বৃহস্পতিবাৰে নিশা এখন গেলামাল ভৰ্তি দোকানত মালিক নথকাৰ সুযোগ লৈ অচিনাকী কোনো দুৰ্বৃত্তই দোকানখন জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ ঘটনাটো নিশা আনুমানিক ২ বাজি ৩০ মিনিটত সংঘটিত হৈছিল ৷ ইয়াকে লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

উল্লেখ্য যে, ছুৰুট আলী নামৰ দোকানীজনে শিতুলী গাঁওখনত প্ৰায় ৫ বছৰ ধৰি দোকানখন চলাই নিজৰ দৰিদ্ৰ পৰিয়ালটোক পোহপাল দি আছিল ৷ নিশা কোনো দুৰ্বৃত্তই পেট্ৰ’ল ঢালি দোকানখন জ্বলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । দুৰ্বৃত্তৰ এনে কু-কাৰ্যৰ ফলত দোকানখনৰ প্ৰায় ৩ লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ লগতে নগদ ৫ হাজাৰ টকা ভস্মীভূত হয় বুলি দোকানখনৰ স্বত্বাধিকাৰী ছুৰুট আলীয়ে জানিবলৈ দিয়ে ৷

মন কৰিবলগীয়া যে, জুই লগা মূহুৰ্তত সচেতন মহলে অগ্নিনিৰ্বাপক বাহিনীক বাৰে বাৰে ফোন কৰি থকাৰ পাচতো অগ্নিনিৰ্বাপক বাহিনীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :দ্বিতীয় দিনাও সন্ধান নাই শিৰোমণি বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.