ETV Bharat / state

Meeting on flood damage: বৰপেটাত বানত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক - Government will pay compensation

শুকুৰবাৰে বৰপেটাত উপস্থিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু (Ranoj Pegu in Barpeta) ৷ বছৰৰ দ্বিতীয়টো বানত হোৱা বৰপেটাৰ ক্ষয় ক্ষতিৰ পৰিমাণ বুজ লোৱাৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতেও এখনি বৈঠকত মিলিত হয় ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকী (Review meeting on damage caused by floods) ৷

Ranoj Pegu in Barpeta
নত হোৱা ক্ষয় ক্ষতিৰ বুজ ল’বলৈ শুকুৰবাৰে বৰপেটাত উপস্থিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু
author img

By

Published : Jul 22, 2022, 9:05 PM IST

বৰপেটা, ২২ জুলাই : বছৰৰ দ্বিতীয়টো বানত (Flood in Assam 2022) ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ বৰপেটাৰ প্ৰায় আঢ়ৈ হাজাৰ ঘৰ বিনষ্ট হৈছে ৷ এই বানত হোৱা ক্ষয় ক্ষতিৰ বুজ ল’বলৈ শুকুৰবাৰে বৰপেটাত উপস্থিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু (Ranoj Pegu in Barpeta)৷ এই বানৰ ফলত জিলাখনত হোৱা ক্ষয় ক্ষতিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখনি বৈঠকত মিলিত হয় (Review meeting on damage caused by floods) ৷

বৰপেটাত বানত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ৰাজ্যত যিসকল পৰিয়ালৰ ঘৰ-দুৱাৰ বানত আংশিকভাৱে বা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে সেইসকলক চৰকাৰে উপযুক্ত ক্ষতিপুৰণ আদায় দিব (Government will pay compensation) ৷ সেই মতে সম্পূৰ্ণৰূপে বিনষ্ট হোৱা ঘৰৰ বাবদ চৰকাৰৰ তৰফৰ পৰা ৯৫ হাজাৰ টকাৰ ক্ষতিপুৰণ আদায় দিয়া হ’ব ৷

একেদৰে আংশিকভাৱে বিনষ্ট হোৱা পকীঘৰৰ বাবদ ৫ হাজাৰ ২ শ টকা, কেঁচা ঘৰৰ বাবদ ৩ হাজাৰ ২ শ টকা, পঁজা ঘৰ হ’লে ৪ হাজাৰ ২ শ টকা দিয়া হ’ব ৷ আনহাতে, খোলা ঘৰ বা গোঁহালিৰ বাবদ ২২০০ টকা ক্ষতিপুৰণ আদায় দিয়া হ’ব বুলি উল্লেখ কৰে ৷

Ranoj Pegu in Barpeta
নত হোৱা ক্ষয় ক্ষতিৰ বুজ ল’বলৈ শুকুৰবাৰে বৰপেটাত উপস্থিত হয় মন্ত্ৰী ডাঃ ৰণোজ পেগু

লগতে বৰপেটা জিলাত ইতিমধ্যে মণ্ডল আৰু গাঁওবুঢ়াসকলৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজহ বিভাগে যুগুত কৰি উলিওৱা ক্ষতিগ্ৰস্ত ঘৰৰ তালিকাৰ পুনৰীক্ষণৰ কাম আৰম্ভ কৰাৰ কথাও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনকি মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগৰ লোকে ক্ষতিগ্ৰস্ত ঘৰসমূহৰ চৰজমিন তদন্ত কৰি দাখিল কৰা প্ৰতিবেদনৰ পিচতেই শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিয়া হ’ব বুলি সদৰি কৰে ৷

লগতে পঢ়ক : Flood at Rangia again: হুৰহুৰাই বাঢ়িছে ৰঙিয়াৰ পুঠিমাৰী নৈৰ পানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.