ETV Bharat / state

গোপনীয়তা ভংগ কৰা সকলৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা: শিক্ষামন্ত্ৰী

author img

By

Published : Jun 30, 2022, 7:15 PM IST

উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰা সাধনা দেৱীৰ উত্তৰ বহীক লৈ পৰীক্ষকে কৰা মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে গোপনীয়তা ভংগ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য ডাঃ ৰণোজ পেগুৰ (Ranoj Pegu reacts on Sadhna Devi's answer sheet controversy) ৷

minister-ranoj-pegu-reacts-on-sadhna-devis-answer-sheet-controversy
গোপনীয়তা ভংগ কৰা সকলৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা: শিক্ষামন্ত্ৰী

বৰপেটা, ৩০ জুন: উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰা সাধনা দেৱীৰ উত্তৰ বহীৰ বিষয়ে পৰীক্ষকে কৰা মন্তব্যক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে বিষয়তো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu reacts on Sadhna Devi's answer sheet controversy) ৷ বৃহস্পতিবাৰে বৰপেটাত উপস্থিত হৈ গোপনীয়তা ভংগ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, বিগত 27 জুনত ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত(HS result 2022) নলবাৰীৰ বৰমুৰিকোনাৰ সাধনা দেৱীয়ে বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীৰ পৰা কলা শাখাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল (Top rank in Arts in HS result 2022) ৷ এই পৰীক্ষাত সাধনাই সৰ্বমুঠ ৪৮৭ নম্বৰ লাভ কৰিছিল ৷

তাৰ পিছতে শিক্ষা সংসদৰ গোপনীয়তা ভংগ কৰি তেজপুৰৰ দুই আগশাৰী চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষয়িত্ৰী আৰু শিক্ষকে সাধনা দেৱীৰ অসমীয়াৰ উত্তৰ বহী পৰীক্ষা কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল ৷ এই মন্তব্যৰ পিছতেই তাক লৈ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত আছে ৷ ইয়াৰ মাজতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই সম্পৰ্কত স্পষ্টভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Assam Flood Updates : বানৰ কৱলত প্ৰায় ৩১ লাখ লোক, মৃত্যুৰ সংখ্যা ১৫১ লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.