বৰপেটাৰোড, 17 এপ্ৰিল : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মাৰোৱাৰী সমাজক বিহু পাতিবলৈ আহ্বান জনোৱাৰ পাছত সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰোডতো মাৰোৱাৰী সমাজে নিজাববীয়াকৈ আয়োজন কৰে ৰঙালী বিহু (Minister Ranjeet Kumar Dass celebrates Rongali Bihu)৷
দেওবাৰে বৰপেটাৰোডৰ শ্ৰী ৰাধাকৃষ্ণ ঠাকুৰবাৰী প্ৰাঙ্গণত বৰপেটাৰোড মাৰোৱাৰী সমাজ আৰু বৰপেটাৰোড মাৰোৱাৰী যুৱমঞ্চৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰঙালী বিহুৰ মুকলি সভা (Marwari community celebrates Rongali Bihu in Barpeta Road) ৷
উল্লেখ্য় যে, ৰঙালী বিহুৰ এই মুকলি সভাত অংশগ্ৰহণ কৰে বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মাৰোৱাৰী সমাজক চৰকাৰৰ হৈ ধন্যবাদ জ্ঞাপন কৰে ৷
ভেইৰু কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাছত অসমীয়া ভাষা সাহিত্যত অনবদ্য অবদান আগবঢ়োৱা জি এল আগৰৱালা বৰপেটাৰোডৰে সুসন্তান আছিল ৷
ইফালে, মুকলি সভাত বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ চিকাৰীয়া,ওদালগুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত গঞা প্ৰসাদ আগৰৱালা,বৰপেটাৰোড পৌৰসভাৰ সভাপতি ৰাজেশ সৰকাৰ, বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাস, সাৰ্বজনীন ৰঙালী বিহু উদযাপন সমিতিৰ সভাপতি তথা সাংবাদিক অৰূপ বায়নকে আদি কৰি মাৰোৱাৰী সমাজৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক : মোডী আহিব : ১০ হাজাৰ গাড়ী বিচাৰি পৰিবহণ বিভাগত হাহাকাৰ