ETV Bharat / state

নমাটি-মৈৰামাৰা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ আশ্বাস মন্ত্ৰী ৰণজিৎ দাসৰ - namati satra land encroachment

নমাটি-মৈৰামাৰা সত্ৰৰ শ্মশানৰ ভূমি বেদখল কৰিছে একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে ৷ সত্ৰবাসী ৰাইজে অভিযোগ উত্থাপন কৰাৰ পাচতে দেওবাৰে নমাটি-মৈৰামাৰা সত্ৰৰ বেদখল ভূমি পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjeet Kumar Das)ৰ ৷ মছজিদ বা গীৰ্জাৰ মাটি বেদখল হ’লে তৎকালীনভাৱে চৰকাৰে সেই ভূমিত উচ্ছেদ অভিযান চলাব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

ranjeet kumar das visited to namati satra
নমাটি-মৈৰামাৰা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ আশ্বাস মন্ত্ৰী ৰণজিৎ দাসৰ
author img

By

Published : Jun 13, 2021, 8:55 PM IST

বৰপেটা, 13 জুন : বৰপেটাৰ নমাটি-মৈৰামাৰা সত্ৰৰ ৰাজহুৱা শ্মশানৰ ভূমিত সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বেদখল কৰাৰ অভিযোগ ৷ সত্ৰৰ শ্মশানৰ ভূমি উন্নয়ন আৰু খেতি কৰাৰ ক্ষেত্ৰতো একাংশ বেদখলকাৰীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ ৷ সত্ৰবাসী ৰাইজৰ এই অভিযোগৰ পাচতেই দেওবাৰে নমাটি-মৈৰামাৰা সত্ৰত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjeet Kumar Das) ৷ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ বিষয়াৰ সৈতে বেদখল কৰা ভূমি পৰিদৰ্শন কৰে মন্ত্ৰী দাসে ৷

নমাটি-মৈৰামাৰা সত্ৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

উল্লেখ্য যে, একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে সত্ৰখনৰ প্ৰায় 24 বিঘা ভূমি বেদখল কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ নমাটি-মৈৰামাৰা সত্ৰৰ ভূমি বেদখলমুক্ত বুলি ঘোষণা কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে, "আগৰ সেই দিন নাই ৷ গতিকে সত্ৰৰ মাটি হওক, চৰকাৰী মাটি বা ব্যক্তিগত মাটিয়েই হওক, বেদখল নকৰিব ৷ মছজিদ বা গীৰ্জাৰ মাটি বেদখল হ’লেও তৎকালীনভাৱে উচ্ছেদ কৰিব চৰকাৰে ৷ সকলোৱে যাতে ন্যায় লাভ কৰে সেইমতে চৰকাৰে ব্যৱস্থা ল’ব ৷ ভূমিহীন আৰু গৃহহীনসকলে চৰকাৰী নীতি অনুসৰি ভূমি আৰু গৃহ লাভ কৰি আহিছে ৷ ভূমিহীন হ’ল বুলিয়েই সত্ৰ, মছজিদ বা দৰগাহৰ মাটি বেদখল কৰাতো সহ্য কৰা নহ’ব ৷ বেদখল উচ্ছেদৰ বাবে জিলা উপায়ুক্তসকলক ক্ষমতা দিয়া হৈছে ৷"

আনহাতে, ধুবুৰীতো বন ভূমি আৰু বন বিভাগৰ প্ৰস্তাৱিত ভূমিত চলি থকা বেদখল উচ্ছেদৰ নিৰ্দেশ দিছে চৰকাৰে ৷ ধুবুৰীৰ প্ৰায় 300 হেক্টৰ ভূমিত উচ্ছেদ চলোৱা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ বাঘবৰত চলি থকা বেদখল উচ্ছেদৰ বাবে বৰপেটা সত্ৰ সমিতিয়ে লিখিতভাৱে আবেদন জনোৱাৰ এসপ্তাহৰ ভিতৰত সত্ৰৰ ভূমি বেদখলমুক্ত কৰা হ’ব মন্তব্য কৰি দাসে লগতে কয় যে, সত্ৰ বা ৰাজহুৱা অনুষ্ঠানৰ নামত থকা ভূমিসমূহত উচ্ছেদ অভিযান চলোৱাৰ পাচত বেদখলমুক্ত ভূমি ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে ৷

লগতে পঢ়ক : সোমবাৰৰ পৰা নিয়মীয়াকৈ কাৰ্যালয়লৈ যাব লগিব চৰকাৰী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.