ETV Bharat / state

বৰপেটাৰোডত অনুষ্ঠিত হোৱা মন কি বাত’ আনুষ্ঠানিকভাৱে আৰম্ভ - Ranjeet Das attended mann ki baat programme at Barpeta

বুথ কমিটিৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjeet Das has been selected as booth committee president) ৷ সৰভোগ সমষ্টিৰ বৰপেটাৰোডৰ 6 নম্বৰ ৱাৰ্ডৰ 160 নম্বৰ বুথৰ সভাপতি হিচাপে কাৰ্যকৰ্তা আৰু ৰাইজৰ লগত হোৱা ’মন কি বাত’ অনুষ্ঠানত অংশ লয় মন্ত্ৰী দাসে৷

minister-Ranjeet Das attended mann ki baat programme at Barpeta road
বৰপেটাৰোডত অনুষ্ঠিত হোৱা মন কি বাত’ আনুষ্ঠানিকভাৱে আৰম্ভ
author img

By

Published : Jan 30, 2022, 9:00 PM IST

বৰপেটাৰোড, 30 জানুৱাৰী : মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক অৰ্পণ কৰা হ’ল বুথ কমিটিৰ সভাপতিৰ দায়িত্ব (Ranjeet Das has been selected as booth committee president) ৷ বৰপেটাৰোড নগৰ মণ্ডলৰ সভাপতি ৰাজেশ সৰকাৰে মন্ত্ৰীগৰাকীক এই দায়িত্বভাৰ গ্ৰহণ কৰে ৷ এই দায়িত্বভাৰ গ্ৰহণ কৰিয়েই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দেওবাৰে বৰপেটাৰোডত অনুষ্ঠিত হোৱা মন কি বাত’ অনুষ্ঠানত অংশ লয় (Ranjeet Das attended mann ki baat programme at Barpeta) ৷

সৰভোগ সমষ্টিৰ বৰপেটাৰোডৰ 6 নম্বৰ ৱাৰ্ডৰ 160 নম্বৰ বুথৰ সভাপতি হিচাপে কাৰ্যকৰ্তা আৰু ৰাইজৰ লগত হোৱা ’মন কি বাত’ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে কাৰ্যকৰ্তা আৰু ৰাইজ আপ্লুত হৈ পৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পূৰ্বতে যি গঁড় হত্যা হৈছিল সেই গঁড় হত্যা বিজেপি চৰকাৰে ৰোধ কৰাৰ কথা উল্লেখ কৰে ৷

এই সফলতাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জনাইছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Ranjeet das on PM's remark on rhino protection) ৷

তাৰোপৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে আধ্যাত্মিকতাৰ বাবে অসমৰ গামোচা ডিঙিত লোৱাটোও অসমবাসীৰ বাবে ভাল খবৰ বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে শিক্ষা আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ মানুহক মন কি বাত’ৰ জৰিয়তে যিখিনি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সেয়া নিশ্চয় ভাৰতবাসীৰ ভাৱে গৌৰৱৰ কথা বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰোপৰি, সমাগত পৌৰ নিৰ্বাচন সম্পৰ্কে মন্ত্ৰী গৰাকীয়ে কয় যে, বিগত পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনত 80 শতাংশ বিজেপিৰ দখলত আছিল আৰু এইবেলি এশ শতাংশ বিজেপিৰ দখলত থাকিব বুলিও দাবী কৰে মন্ত্ৰী গৰাকীয়ে ৷

ৰাজ্যৰ ভিতৰত বৰপেটাৰোড পৌৰসভা প্ৰথম বিজেপিয়ে দখল কৰিছিল বুলি উল্লেখ কৰি ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম সৰভোগ সমষ্টিত কমিউনিষ্ট পাৰ্টিক বিজেপিয়ে হৰুৱাই বুলিও কয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ লগতে ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কে মতবাদ কৰি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত বিজেপি ৰাইজৰ হৃদয়ত আছে আৰু কংগ্ৰেছ ৰাইজৰ পদূলিত আছে বুলিও কংগ্ৰেছক কটাক্ষ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক : Covid situation in Tripura: ৩১ জানুৱাৰীৰ পৰা পুনৰ খুলিব ত্ৰিপুৰাৰ বিদ্যালয়সমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.