বৰপেটা,17 জুন : ক’ভিড (Covid) সংক্ৰমণৰ মাজতে বাৰিষা পৰাৰ লগে লগে ৰাজ্যত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷ নৈৰ গৰাখহনীয়া (Erosion) পৰিদৰ্শন কৰিবলৈ ইতিমধ্যে ভিন্ন অঞ্চলত উপস্থিত হৈছে মন্ত্ৰী-বিধায়কসকল ৷ বৃহস্পতিবাৰে বৰপেটা জিলাৰ বহৰি সত্ৰ (Bahari Satra)ত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)ই ৷
মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে স্থাপন কৰা সত্ৰখনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সত্ৰখন যিকোনো উপায়ে ৰক্ষা কৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই ৷ অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগ (Jio Bag) আৰু নদীৰ সোঁত সলোৱাৰ বাবে পাৰ্কুপাইন আঁচনি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশানুসাৰে গৰাখহনীয়াৰ পৰা বহৰি সত্ৰ আৰু বহৰি বজাৰ ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী হাজৰিকাই ৷
খহনীয়া ৰোধৰ বাবে পূৰ্বতে গ্ৰহণ কৰা আঁচনিসমূহ সফল নোহোৱাৰ প্ৰসংগ উত্থাপনেৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, এতিয়া ৰামো নাই অযোধ্যাও নাই ৷ প্ৰকৃতিৰ সৈতে যুঁজ দিয়া ইমান সহজ নহয় বুলি উল্লেখ কৰি নতুন চৰকাৰৰ নতুন দৃষ্টিভংগী আৰু নতুন পৰিৱেশলৈ বাট চাবলৈ তেওঁ আহ্বান জনায় ৷
আনহাতে গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম স্থানীয় ঠিকাদাৰক দিব নালাগে বুলি বহৰিৰ ৰাইজে দাবী জনোৱাত স্বচ্ছ প্ৰক্ৰিয়াৰ মাজেৰে হোৱা মুকলি নিবিদাৰ জৰিয়তেহে এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে ৷ খহনীয়া অঞ্চল পৰিদৰ্শনৰ পূৰ্বে বহৰিৰ শ্ৰীশ্ৰী হৰিদেৱ সত্ৰত আঁঠু লয় মন্ত্ৰীগৰাকীয়ে ৷ গৰাখহনীয়া পৰিদৰ্শন কালত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে উপস্থিত থাকে চেঙা আৰু বাঘবৰ সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, বৰপেটাৰ বিধায়ক আব্দুল ৰহিম আহমেদ আৰু শ্বেৰমান আলী আহমেদ ৷
লগতে পঢ়ক : সৌভাগ্য আঁচনিয়ে সৌভাগ্য কঢ়িয়াব নোৱাৰিলে লিখাজানবাসীলৈ