ETV Bharat / state

বজালী জিলাৰ উত্তৰণৰ দায়িত্ব লৈছে মন্ত্ৰী বিমল বৰাই

author img

By

Published : Aug 30, 2021, 7:33 PM IST

ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বজালী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা সোমবাৰে উপস্থিত হ’ল বজালী জিলাত । এই সময়চোৱাত জিলাখনৰ আৰ্থ-সামাজিক উত্তৰণ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

minister-bimal-bora-in-pathsala-bajali
বজালী জিলাৰ উত্তৰণৰ দায়িত্ব লৈছে মন্ত্ৰী বিমল বৰাই

পাঠশালা, 30 আগষ্ট : নামনি অসমৰ শিক্ষাৰ ক্ষেত্ৰত অন্যতম স্থান থকা এখন জিলা বজালী । শিক্ষাৰ ক্ষেত্ৰখনৰ দৰেই শেহতীয়াভাৱে জিলাখনে দুগ্ধ উৎপাদনত এক অভিলেখ স্থান দখল কৰিছে । সেয়েহে এতিয়া অধিক উন্নয়নেৰে এই জিলাখন জাকত-জিলিকা কৰিব লাগিব বুলি সোমবাৰে পাঠশালাত উপস্থিত হৈ মন্তব্য কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বজালী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই ।

নৱগঠিত বজালী জিলাৰ বিভিন্ন উন্নয়নমূলক কামৰ পৰ্যালোচনা সভাত উপস্থিত থাকি মন্ত্ৰী বৰাই চৰকাৰৰ প্ৰতিটো বিভাগৰ উন্নয়নমূলক কামৰ পৰ্যালোচনা কৰে ৷ মন্ত্ৰী বৰাই জিলা প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ বিষয়ববীয়া সকলকক অসম্পূর্ণ কামসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্রদান কৰে ।

তেওঁ বিশেষকৈ দুগ্ধ উৎপাদনৰ লগত জড়িত গো-পালকসকলক বিভিন্ন প্ৰকাৰে সহায় কৰি আৰু যাতে গাখীৰৰ উৎপাদন বৃদ্ধি কৰিব পাৰি সেই বিষয়ত গুৰুত্ব প্রদান কৰে । উল্লেখ্য যে বজালী জিলাত প্ৰায় ৭০ হেজাৰ লিটাৰ গাখীৰ উৎপাদন হয় ।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ক’ভিডত বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনিৰ অধীনত কোভিড মহামাৰীত স্বামীক হেৰুওৱা মহিলাসকললৈ ২.৫ লাখ টকা আর্থিক সহযোগিতাৰ চেক প্রদান কৰে ৷ বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে আঁত ধৰা এই সভাখনত বজালী জিলাৰ আৰক্ষী অধীক্ষক ধর্মেন্দ্র দাস, অভিভাৱক সচিব নিৰশ বৰ্মা, ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ, নাট্যকর্মী কৃষ্ণ ৰয় আদি উপস্থিত থাকে ।

ইয়াৰ পূৰ্বে মন্ত্ৰী বৰাই জিলাখনৰ ঐতিহ্যপূর্ণ জালিখাটা মন্দিৰত উপস্থিত হয় । তেওঁ এই ঐতিহ্যমণ্ডিত মন্দিৰটো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে পর্যটন বিভাগৰ বিষয়ববীয়া আৰু মন্দিৰ পৰিচালনা সমিতিৰ লগত আলাপ-আলোচনা কৰে।

মন্দিৰলৈ যোৱা পথছোৱা পৰ্যটন বিভাগৰ বিষয়া তথা অভিযন্তাক শীঘ্ৰে নিৰ্মাণ কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী বৰাই । ইয়াৰ পাছতে, তেওঁ বজালীৰ ডুবিস্থিত শ্ৰীশ্ৰী পৰিহৰেশ্বৰ দেৱালয়লৈ যায়। উল্লেখ্য যে মন্ত্রী ৰঞ্জিৎ দাসৰ এই দুয়োডোখৰ ঠাই পৰ্যটনস্থলী কৰাৰ এক সপোন আছিল বুলি জানিবলৈ দি এই দুই ঠাই পর্যটন স্থলীলৈ উন্নীত কৰা হ’ব বুলি পৰ্যটন মন্ত্ৰী বৰাই সদৰী কৰে ।

লগতে পঢ়ক : গুৱাহাটীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.