ETV Bharat / state

মইনবৰীত ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান আঁচনিৰ শুভাৰম্ভ

author img

By

Published : Jan 11, 2021, 3:00 PM IST

বৰপেটা জিলা সমবায় সমিতিৰ অন্তৰ্গত মইনবৰী সমবায় সমিতি লিমিটেডে মইনবৰীত ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান আঁচনিৰ শুভাৰম্ভ কৰে । এই আঁচনিৰ জৰিয়তে সাধাৰণ অংশীদাৰ আৰু গ্ৰাহকে দৈনিক জমা,সঞ্চয় জমা,স্থায়ী জমা,মাহেকীয়া জমাৰ উপৰিও কৃষি ঋণ,ব্যৱসায়িক ঋণ,দুচকীয়া বাহন ঋণ আদিৰ সুবিধা লাভ কৰিব পাৰিব ।

মইনবৰীত ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান আঁচনিৰ শুভাৰম্ভ
মইনবৰীত ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান আঁচনিৰ শুভাৰম্ভ

বৰপেটা, ১১ জানুৱাৰী: বৰপেটা জিলা সমবায় সমিতিৰ অন্তৰ্গত মইনবৰী সমবায় সমিতি লিমিটেডে মইনবৰীত ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান আঁচনিৰ শুভাৰম্ভ কৰে । বৰপেটা জিলা সমবায় সমিতিৰ উপ-পঞ্জীয়ক ডা০ কণ কুমাৰ শৰ্মাই আঁচনিখনৰ শুভাৰম্ভণি কৰে । ইয়াৰ জৰিয়তে সাধাৰণ অংশীদাৰ আৰু গ্ৰাহকে দৈনিক জমা,সঞ্চয় জমা,স্থায়ী জমা,মাহেকীয়া জমাৰ উপৰিও কৃষি ঋণ,ব্যৱসায়িক ঋণ,দুচকীয়া বাহন ঋণ আদি সুবিধা লাভ কৰিব পাৰিব বুলি জনায় সভাত উপস্থিত থকা কন্দৰ্প অধিকাৰীয়ে । বেংক ব্যৱস্থা নথকা অতি পিছপৰা অঞ্চলটোত বিত্তীয় প্ৰতিষ্ঠানটোৱে ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান আঁচনিৰ দ্বাৰা সাধাৰণ ৰাইজ উপকৃত হ'ব । ইয়াৰ বাবে অঞ্চলটোৰ ৰাইজে বৰপেটা জিলা সমবায় সমিতিৰ উপ-পঞ্জীয়ক গৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।

মইনবৰী সমবায় সমিতি লিমিটেডৰ কাৰ্যবাহী বিষয়া শ্ৰী হিতেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত ক্ষুদ্ৰ সঞ্চয় আৰু ঋণদান আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলা সমবায় সমিতিৰ উপ-পঞ্জীয়ক ডা০ কণ কুমাৰ শৰ্মাৰ লগতে অসম সমবায়ৰ কৰ্মচাৰী সন্থাৰ সম্পাদক শ্ৰী দশৰথ চন্দ্ৰ অধিকাৰীৰ লগতে বিভিন্ন পৰ্যায়ৰ বিভাগীয় বিষয়াবৰ্গ ।

লগতে পঢ়ক:মহানগৰীত চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

For All Latest Updates

TAGGED:

as10058
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.