ETV Bharat / state

বৰপেটা সত্ৰ বুলিলেই সততে মনলৈ আহে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ কথা: দেৱানন্দ দেৱ গোস্বামী - বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ স্মৃতিচাৰণ

অসম জাতীয় মহাসভাৰ উদ্যোগত বৰপেটা প্ৰেছ ক্লাৱত আয়োজন কৰা হয় বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ স্মৃতিচাৰণ অমৃত মন্থন সভা (Memorial Meeting of Satradhikar Basistha Dev Sharma in Barpeta) ৷ এই সভাতে বুঢ়াসত্ৰীয়াগৰাকীৰ লগতে নিপন গোস্বামী আৰু নীলপৱন বৰুৱাৰ আত্মাৰ সদ্গতিৰ বাবেও মৌন প্ৰাৰ্থনা কৰে সভাত উপস্থিত ৰাইজে ৷

Memorial Meeting of Satradhikar Basistha Dev Sharma in Barpeta
বৰপেটা সত্ৰ বুলিলেই সততে মনলৈ আহে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ কথা : দেৱানন্দ দেৱ গোস্বামী
author img

By

Published : Oct 31, 2022, 1:07 PM IST

বৰপেটা, 31 অক্টোবৰ : ‘‘বৰপেটা সত্ৰ বুলিলেই সততে মনলৈ আহে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ কথা (Satradhikar Basistha Dev Sharma) ৷ অসমৰ সত্ৰীয়া সংস্কৃতি ৰক্ষাৰ মূল আছিল প্ৰয়াত বুঢ়াসত্ৰীয়াগৰাকী ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ বিয়োগ অসমীয়া জাতি তথা সত্ৰীয়া সংস্কৃতিৰ বাবে এক অপূণীয় ক্ষতি’’ (Basistha Dev Sharma passes away) ৷ বৰপেটাত আয়োজিত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ স্মৃতিচাৰণ অমৃত মন্থন সভাত অংশ লৈ এই মন্তব্য কৰে বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে ৷

উল্লেখ্য যে, দেওবাৰে বৰপেটাত আয়োজন কৰা হয় বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ স্মৃতিচাৰণ অমৃত মন্থন সভা ৷ অসম জাতীয় মহাসভাৰ উদ্যোগত বৰপেটা প্ৰেছ ক্লাৱত আয়োজন কৰা হয় এই সভাৰ (Memorial Meeting of Satradhikar Basistha Dev Sharma in Barpeta) ৷ এই সভাত সভাপতিত্ব কৰে অসম জাতীয় মহাসভাৰ সভাপতি তথা বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে ৷

বৰপেটা সত্ৰ বুলিলেই সততে মনলৈ আহে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ কথা : দেৱানন্দ দেৱ গোস্বামী

বন্তি প্ৰজ্বলনেৰে সভাখন মুকলি কৰে বিশিষ্ঠ সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰই ৷

এই সভাতে বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ লগতে নিপন গোস্বামী আৰু নীলপৱন বৰুৱাৰ আত্মাৰ সদ্গতিৰ বাবেও মৌন প্ৰাৰ্থনা কৰা হয় ৷ এই সভাত উপস্থিত থাকে শিক্ষাবিদ অক্ষয় কুমাৰ মিশ্ৰ, জ্যেষ্ঠ সাংবাদিক সমীৰ ৰঞ্জন গোস্বামী, সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাস, বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস আদিৰ লগতে বহু বিশিষ্ঠ ব্যক্তি ৷

সভাত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত বুঢ়াসত্ৰীয়া তথা শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক, ভাগৱত ভূষণ বশিষ্ঠ দেৱশৰ্মাৰ জীৱন কীৰ্তি ওপৰত আলোকপাত কৰে ৷ আনহাতে, এই সভাতে বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে প্ৰয়াত বশিষ্ঠ দেৱশৰ্মাক সকলোৰে মনত জীয়াই ৰাখিবলৈ আহ্বান জনায় ৷

লগতে অসমৰ সত্ৰীয়া সংস্কৃতি ৰক্ষাৰ সেনানী হিচাপে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিকে দায়িত্ব ল’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : Basistha Dev Sharma no more : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ জীৱনপঞ্জী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.