ETV Bharat / state

জনীয়াত ভাৰতীয় স্থলসেনাই আগবঢ়ালে বিনামূলীয়া স্বাস্থ্য সেৱা

author img

By

Published : Dec 23, 2020, 5:08 PM IST

Updated : Dec 23, 2020, 7:17 PM IST

ভাৰতীয় স্থলসেনাৰ মহানুভৱতা । জনীয়া হাইস্কুল খেল পথাৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি বিভিন্নজনক আগবঢ়ালে বিনামূলীয়া চিকিৎসা সেৱা । সেৱা গ্ৰহণ কৰি সেনাক ভূয়সী প্ৰশংসা বিভিন্নজনৰ ।

জনীয়াত ভাৰতীয় স্থলসেনাই আগবঢ়ালে বিনামূলীয়া স্বাস্থ্য সেৱা
জনীয়াত ভাৰতীয় স্থলসেনাই আগবঢ়ালে বিনামূলীয়া স্বাস্থ্য সেৱা

জনীয়া, 23 ডিচেম্বৰ : দেশৰ সীমান্তৰ সুৰক্ষাৰ সমান্তৰালকৈ মানৱ সেৱাতো সমানে ব্ৰতী হৈ আহিছে সশস্ত্ৰ বাহিনীসমূহ ৷ বিভিন্ন বিপদৰ সময়ত আৰ্তজনৰ কাষত প্ৰথমে ঠিয় হৈছে সেনাৰ দল ৷ সেনাৰ অসামৰিক কাৰ্যনীতিৰ অধীনত তথা মানৱ সম্পদ ৰক্ষা নীতিৰ অধীনত বানপানী, ধুমুহা, ভূমিকম্প অথবা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ লগতে শেহতীয়া কোভিড-19 মহামাৰীৰ সময়তো দেখা গৈছিল মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন ৷

স্থলসেনাৰ তেনেই এক অসামৰিক কাৰ্যনীতিৰ অধীনত বুধবাৰে জনীয়া হাইস্কুল খেলপথাৰত আয়োজন কৰা হয় এক বিনামূলীয়া স্বাস্থ্য শিবিৰ ৷ শিবিৰত অঞ্চলটোৰ প্ৰাক্তন সেনাকে ধৰি বিভিন্নজনক সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হয় স্বাস্থ্যসেৱাৰ উপৰিও দৰৱ-পাতি ৷

ভাৰতীয় স্থলসেনাৰ বিনামূলীয়া স্বাস্থ্য সেৱা

ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা স্বাস্থ্য শিবিৰত জনীয়া অঞ্চলৰ অজস্ৰ ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰা দেখা যায় । অতি পৰিপাটিকৈ চিকিৎসা সেৱা আগবঢ়োৱা স্থলসেনাৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ পৰে জনীয়া অঞ্চলৰ সাধাৰণ ৰাইজ । স্থলসেনাৰ এনে মহানুভৱতাক অঞ্চলবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰে । সাধাৰণ ৰাইজৰ লগতে জনীয়া হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়েও এই শিবিৰ চিকিৎসা সেৱা গ্ৰহণ কৰা দেখা যায় ।

লগতে পঢ়ক : ৰজত দত্তক সশস্ত্ৰ বলৰ চিকিৎসা সেৱাৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

Last Updated : Dec 23, 2020, 7:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.