ETV Bharat / state

কলগাছিয়াত বেকী নৈৰ খহনীয়াই ধাৰণ কৰিছে বিধ্বংসী ৰূপ

বেকী নদীৰ বাঢ়নি পানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেছিমাৰীত ৷ শীঘ্ৰেই বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি অধিক অৱনতি হোৱা আশংকা প্ৰকট স্থানীয় লোকৰ ৷

author img

By

Published : Aug 10, 2020, 8:22 PM IST

বিধ্বংসী ৰূপ
বিধ্বংসী ৰূপ

জনীয়া, 10 আগষ্ট: কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেছিমাৰীত বেকী নদীৰ বাঢ়নি পানীয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ ৷ ভাবুকি কঢ়িয়াই আনিছ বৃহত্তৰ অঞ্চলটোৰ কেইবাখনে গাঁৱলৈ ৷ ইতিমধ্যে জুলাই মাহত হৈ যোৱা বেকী নদীৰ প্ৰলয়ংকৰী বানপানীত কলগাছিয়াৰ অন্তৰ্গত লাংগাচাৰ কেইবাটাও পি এম জি পথ ছিগি নিয়ে ৷ যাৰ ফলত দেওবাৰে নিশা ফেনে ফোটোকাৰে বাঢ়ি অহা বেকী নদীৰ পানী সোমাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভূঞাৰ দলঙৰ নিকটৱৰ্তী স্থানত ৷

কলগাছিয়াত বেকী নৈৰ খহনীয়াই ধাৰণ কৰিছে বিধ্বংসী ৰূপ

ইতিমধ্যে শংকিত গাঁওবাসীয়ে খহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও অতি শীঘ্ৰেই যদি পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে, অঞ্চলটোৰ প্ৰায় 50 খন গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱণা প্ৰকট হৈ পৰিছে ৷ শংকিত ৰাইজে অতি শীঘ্ৰেই ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা অঞ্চলটোৰ সমস্যা সমাধানৰ বাবে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে প্ৰশাসনক ৷

লগতে পঢ়ক: বিগত এমাহে পানীৰ তলত ৰঙিয়াৰ খন্দিকৰবাসীঃ সাক্ষাৎ নাই জন প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.