ETV Bharat / state

বেকীৰ বানত বিচ্ছিন্ন কলগাছিয়া-মোৱামাৰী সংযোগী গড়কাপ্টানি পথ - বান

বেকী নৈৰ বাঢ়নী পানীয়ে ছিগিলে 2 কোটি টকা ব্যয়েৰে নিৰ্মাণৰত কলগাছিয়াৰ লাচাংগা-মোৱামাৰী সংযোগী গড়কাপ্টানি পথ ৷

massive flood in kalgachia
massive flood in kalgachia
author img

By

Published : Jun 27, 2020, 9:03 PM IST

জনিয়া, 27 জুনঃ বেকী নৈৰ বাঢ়নী পানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে জনিয়া সমষ্টিৰ বিস্তীৰ্ণ অঞ্চলত ৷ এবুকু পানীৰে ভৰি পৰিছে সমষ্টিটোৰ প্ৰায় কুৰি খন গাঁও ৷ বৃহৎ অঞ্চলটো প্লাবিত হৈ পৰাৰ ফলত এতিয়া খাদ্যৰ লগতে, আশ্ৰয় সংকটেও দেখা দিছে বানাক্ৰান্ত মাজত ৷ ইফালে 2 কোটি টকা ব্যয়েৰে নিৰ্মাণৰত কলগাছিয়াৰ লাচাংগা-মোৱামাৰী সংযোগী গড়কাপ্টানি পথৰ ওপৰেৰে বৈছে পানীৰ কোবাল সোঁত ৷ যাৰ ফলত পথটো ছিঙি যোৱাৰ লগে লগে আন সমস্যাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত ৷

বেকী নৈৰ বানত ছিগিল কলগাছিয়া-মোৱামাৰী সংযোগী গড়কাপ্টানি পথ

কিন্তু যোৱা তিনিদিন ধৰি বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে ৰাইজে অৱগত কৰি আহিছে যদিও, এই পৰ্যন্ত এগৰাকীও বিভাগীয় বিষয়া কৰ্মচাৰী সেই স্থানত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে, যোৱা বছৰৰ বানতো ক্ষতিগ্ৰস্ত হৈছিল এই পথটো ৷ কিন্তু নিম্ন মানৰ কামেৰেই পথৰ মেৰামতিৰ কাম সামৰি থোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই পথ বিচ্ছিন্ন হোৱাৰ ফলত এতিয়া বৃহত্তৰ কলগাছিয়া অঞ্চলৰ প্ৰায় 6 খন গাঁৱক লোকৰ যাতায়াতৰ ব্যৱস্থা ব্যাহত হৈ পৰিব ৷

লগতে পঢ়কঃ মেৰামতিৰ এবছৰ সম্পূৰ্ণ নহওতেই খহি পৰিল গড়কাপ্তানি দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.