বৰপেটা, ৩০ নৱেম্বৰ : বৰপেটাৰ হাউলীৰ কদমগুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(Massive Fire in Howly) ৷ দমাই থোৱা মৰাপাটৰ পুঁজিত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ কোনো দুৰ্বৃত্তই জুই লগাই দিয়াৰ সন্দেহ (miscreants set to fire) প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
জানিব পৰা মতে, কদমগুৰি গাঁৱৰ ইক্ৰামুল হুছেইন আৰু ছুৰত জামাল নামৰ ব্যৱসায়ী দুগৰাকীৰ আছিল মৰাপাটবোৰ ৷ ইক্ৰামুল হুছেইনৰ ঘৰৰ সন্মুখৰ মুকলি ঠাইত দুটাকৈ পুঁজি সাজি দমাই থৈছিল মৰাপাটবোৰ ৷ অৱশ্যে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত (fire brigade vehicle present on spot) হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
অগ্নিকাণ্ডৰ ফলত মৰাপাটৰ এটা পুঁজি সম্পূৰ্ণৰূপে ভস্মীভূত হয় যদিও আন এটা মৰাপাটৰ পুঁজি ৰক্ষা পৰে ৷ অগ্নিকাণ্ডটোত প্ৰায় ৭ লাখ টকাৰ মৰাপাট ভস্মীভূত হোৱা সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে ৷
লগতে পঢ়ক: Har Ghar Dastak Campaign: বজালীত ঘৰে ঘৰে গৈ ক’ভিড ভেকচিন প্ৰদান