ETV Bharat / state

বিধ্বংসী অগ্নিকাণ্ডত ছাৰখাৰ সৰুক্ষেত্ৰীৰ কয়াকুছি বজাৰ

author img

By

Published : Sep 1, 2021, 5:54 PM IST

সৰুক্ষেত্ৰীৰ কয়াকুছি বজাৰত সংঘটিত হ'ল ভয়াৱহ অগ্নিকাণ্ড(Fire) । বুধবাৰে পুৱতি নিশা জুইৰ লেলিহান শিখাই আগুৰি ধৰে বজাৰখনৰ ১৬ খন ব্যৱসায়িক প্ৰতিষ্ঠান । দুষ্কৃতিকাৰীয়ে ইচ্ছাকৃতভাৱে অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ব্যৱয়াসীসকলে ।

Massive fire broke out at Kayakuchi
সৰুক্ষেত্ৰীৰ কয়াকুছি বজাৰত সংঘটিত হ'ল ভয়াৱহ অগ্নিকাণ্ড

বৰপেটা, ১ ছেপ্টেম্বৰ: বুধবাৰে পুৱতি নিশা বৰপেটা(Barpeta)ৰ সৰুক্ষেত্ৰীৰ কয়াকুছি বজাৰত বিধ্বংসী অগ্নিকাণ্ড(Massive Fire) সংঘটিত হয় । কয়াকুছি আৰক্ষী চকীৰ সমীপতে থকা বজাৰখনত সংঘটিত হোৱা এই অগ্নিকাণ্ডত কাপোৰ, কিতাপ, জোতা-চেণ্ডেল আদিৰ দোকানৰ ক্ষতিসাধন হয় । বজাৰখনৰ মুঠ ১৬ খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

প্ৰায় ৮০ লক্ষাধিক টকা মূল্যৰ সামগ্ৰী জ্বলি ছাৰখাৰ হৈছে বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । কিছু সময়ৰ পিছত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ।

আনহাতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

কিন্তু দুষ্কৃতিকাৰীয়ে ইচ্ছাকৃতভাৱে অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ব্যৱয়াসীসকলে । কেৰাচিন তেল ঢালি অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:অৱশেষত উদ্ধাৰ হ'ল নিৰুদ্দেশ হৈ থকা চন্দ্ৰপুৰৰ পল্লৱী বৈশ্যৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.