ETV Bharat / state

Erosion at Jania: বেকীৰ খহনীয়াত বিধ্বস্ত জনতা; খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ

author img

By

Published : Aug 7, 2022, 6:38 PM IST

বেকী আৰু আই নদীৰ খহনীয়াই জুৰুলা কৰিছে জনীয়া, কলগাছিয়া আদি বিভিন্ন প্ৰান্তৰ ৰাইজক(Massive Erosion of Beki River) । জাহ গৈছে শতাধিক পৰিয়ালৰ ঘৰ-ভেটি । ঘৰবাৰী ভাঙি নিৰাপদ স্থানলৈ যাত্ৰা ভুক্তভোগী পৰিয়ালৰ । চৰকাৰ তথা জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ।

Erosion at Jania
বেঁকীৰ বুকুত জাহ গ’ল শতাধিক পৰিয়ালৰ সা-সম্পত্তি

জনীয়া,৭ আগষ্ট: বেকী নৈৰ খহনীয়াই কলগাছিয়াত লৈছে ভয়াৱহ ৰূপ ৷ খহনীয়াৰ কবলত পৰি কলগাছিয়া ৰাজহ চক্ৰৰ কাচুকাটি চৰবাসীয়ে নিতৌ হেৰুৱাইছে ঘৰ-বাৰী ৷ প্ৰায় দু শতাধিক পৰিয়ালে বাস কৰা বৃহৎ অঞ্চলটোত এতিয়া আছেগৈ মাত্ৰ 30 টামান পৰিয়ালহে ৷ শস্য-শ্যামলা গাঁওখনৰ প্ৰায় সকলোবোৰেই জাহ গ’ল বেঁকীৰ বুকুত ৷ ফলত ঘৰ-বাৰী এৰি সম্ভৱপৰ দুই এপদ সামগ্ৰী লগত লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত (Erosion of Beki River) ।

বিগত দুটা মাহে বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰি নিজৰ ঘৰবাৰী, মাটি-ভেটি, খেতি পথাৰ হেৰুৱাই যাত্ৰা কৰিছে নিৰাপদ স্থানলৈ (Beki river erosion)। কিন্তু এই দুৰ্ভগীয়া লোকসকলে আশ্ৰয় গ্ৰহণ কৰিবলৈ নাই কোনো নিৰ্দিষ্ট স্থান । ফলত নদীৰ পাৰতে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে এই ভুক্তভোগীসকল । ইফালে বেঁকী নৈৰ গৰাখহনীয়াই শনিবাৰে নিশাও ৰুদ্ৰমূৰ্তি ধাৰণ কৰে(Erosion at Jania) ।

প্ৰায় দুই শতাধিক পৰিয়ালে বাস কৰা চৰৰ মাজেৰে বেঁকী নৈয়ে নতুন সুঁতিৰ সৃষ্টি কৰি মৰাপাটৰ খেতি, কলৰ খেতি আদি সকলো উটুৱাই লৈ যায় । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক, স্থানীয় সাংসদৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধিসকলেও খবৰ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে । ভুক্তভোগী পৰিয়াল কেইটাই অতিশীঘ্ৰেই চৰকাৰৰ ওচৰত পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক: Jalha community of Assam : জলহা জনগোষ্ঠীৰ লোকপিয়ল আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.