ETV Bharat / state

পথ নিৰ্মাণৰ নামত জনীয়াত ব্যাপক দুৰ্নীতি

author img

By

Published : May 29, 2020, 1:13 PM IST

চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে ২০১৭-১৮ আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ৩.১৬ লাখ টকাৰে পথ মেৰামতি, কালভাৰ্ট নিৰ্মাণৰ বাবে ২ লাখ টকা আৰু পথ নিৰ্মাণৰ বাবে ক্ৰমে ৩.৫২ আৰু ৪.২৩ লাখ টকাৰ ৪ টা আচঁনিত মুঠ ১২ লাখ ৯১ হেজাৰ টকা ব্যয় সাপেক্ষে আঁচনি ধাৰ্য কৰা হৈছিল ৷

Massive corruption in the name of road construction at Jonia
পথ নিৰ্মাণৰ নামত জনীয়াত ব্যাপক দুৰ্নীতি

জনীয়া, 29মে': লকডাউনৰ মাজতে জনীয়াত পোহৰলৈ আহিছে এক ভয়ংকৰ দুৰ্নীতিৰ তথ্য ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ ধনেৰে ৰূপায়ন কৰা আচঁনিত সংঘটিত হৈছে এই ব্যাপক দুৰ্নীতি ৷ দুৰ্নীতি সংঘটিত হৈছে বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তর্গত জনীয়া গাঁও পঞ্চায়তত।

জানিব পৰা মতে, জনীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বাংলীপাৰা গাঁৱত চতুৰ্থদশ বিত্তীয় আয়োগৰ ধনেৰে ২০১৭-১৮ আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ৩.১৬ লাখ টকাৰে পথ মেৰামতি, কালভাৰ্ট নিৰ্মাণৰ বাবে ২ লাখ টকা আৰু পথ নিৰ্মাণৰ বাবে ক্ৰমে ৩.৫২ আৰু ৪.২৩ লাখ টকাৰ ৪ টা আচঁনিত মুঠ ১২ লাখ ৯১ হেজাৰ টকা ব্যয় সাপেক্ষে আঁচনি ধাৰ্য কৰা হৈছিল ৷ কিন্তু এই আঁচনিত নিৰ্মাণ কৰা পথ এজাক বৰষুণতেই বিধ্বস্ত হোৱাৰ লগতে কালভাৰ্টৰ পৰিৱৰ্তে মাটিৰে আধা পথ নিৰ্মাণ কৰিয়েই সমূদায় ধন মোকলাই লৈছে পঞ্চায়তৰ সভাপতি ছাবেদ আলী, সচিব ছফিউৰ ৰহমান, পঞ্চায়ত সদস্য আৰু কনিষ্ঠ অভিযন্তাই ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাইজৰ দাবী পথৰ পুনৰ মেৰামতি আৰু নিৰ্মাণ কৰাৰ লগতে দুৰ্নীতি আৰু লুণ্ঠনত জড়িত থকা ব্যক্তি সকলৰ বিৰুদ্ধে অতি শীঘ্ৰে চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰক ৷

লগতে পঢ়কঃ"আপদা সেৱা সদেৱ": ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ এক চমু অৱলোকন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.