জনিয়া, 14 এপ্ৰিল : বাল্য বিবাহ এক সামাজিক ব্যাধি । কিন্তু সামাজিক ব্যাধি হোৱা স্বত্বেও ৰাজ্যত অব্যাহত আছে বাল্য বিবাহ ৷ বিশেষকৈ লকডাউনৰ সময়চোৱাত ৰাজ্যত যথেষ্ট পৰিমাণে বাল্য বিবাহৰ ঘটনা বৃদ্ধি পোৱা দেখা গৈছিল ৷ চৰকাৰে বাল্য বিবাহ ৰোধ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে বুধবাৰে নিশা বালিকুৰি আৰক্ষীয়ে কলগাছিয়াৰ আদিতপুৰ গাঁৱৰ স্বামী গৃহৰ পৰা এগৰাকী কিশোৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Minor girl rescued from husband's home)।
উল্লেখ্য যে, হাউলিৰ হেলেনাৰপাম গাঁৱৰ নাবালিকা গৰাকীক বিগত পাঁচ মাহ পূৰ্বে কলগাছিয়াৰ আদিতপুৰৰ আব্দুল কাদেৰৰ পুত্ৰ আৰিফুল ইছলাম (২১)ৰ লগত বিয়া দিয়া হৈছিল । পিছত আৰক্ষীয়ে স্বামী আৰিফুল ইছলাম আৰু নাবালিকাগৰাকীক কলগাছিয়া আৰক্ষী থানালৈ লৈ যায় । নাবালিকা গৰাকীয়ে সাংবাদিকক জানিব দিয়া মতে, তেওঁৰ মাতৃয়ে আদিতপুৰ গাঁৱৰ আব্দুল কাদেৰৰ পুত্ৰ আৰিফুল ইছলামৰ লগত পাঁচমাহ আগতে বাধ্য কৰি বিয়া পাতি দিছিল (Forceful child marriage)।
এই ক্ষেত্ৰত ৰাইজে নিজাববীয়াকৈ নাবালিকাগৰাকীৰ মাতৃৰ নামত কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এতিয়া এজাহাকাৰীয়ে স্বামী আৰিফুল ইছলাম, স্বামীৰ পিতৃ আব্দুল কাদেৰ আৰু নাবালিকাৰ পিতৃ-মাতৃৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ।
লগতে পঢ়ক : কোন সচাঁ-কোন মিছা : প্ৰকৃততে নগাঁৱৰ এ ডি পি কলেজত হৈছে কি ?