ETV Bharat / state

BJP Joining program: হাউলীত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

পৌৰ নিৰ্বাচনৰ পূৰ্বে হাউলীত শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপি দলত (Many Congress workers from Howley joined BJP)। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক খাইৰুল ইছলাম, ছাহজাহান আলীৰ নেতৃত্বত বিজেপিত যোগদান কংগ্ৰেছ কৰ্মীসকলৰ । অচিৰেই আন বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা ।

author img

By

Published : Feb 1, 2022, 8:16 PM IST

BJP Joining program
হাউলীত শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান বিজেপিত

বৰপেটা, ১ ফেব্ৰুৱাৰী : আহি আছে অসমৰ পৌৰসভা নিৰ্বাচন (Assam municipal election 2022)। তাৰ প্ৰাকক্ষণত বৰপেটা কংগ্ৰেছত বৃহৎ খহনীয়া । বহু কৰ্মীয়ে ত্যাগ কৰিলে কংগ্ৰেছ দল । বৰপেটাৰ হাউলীত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক খাইৰুল ইছলাম, ছাহজাহান আলীৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান (Many Congress workers from Howley joined BJP)৷

পৌৰসভা নিৰ্বাচনৰ পূৰ্বে বৰপেটা জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে এইদৰে বিজেপিত যোগদান কৰাৰ লগে লগে জিলাখনত ব্যাপক চৰ্চা হৈছে । আনহাতে পৌৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ আৰু বহু নেতা-কৰ্মীয়ে দল এৰি বিজেপিত যোগদান কৰিব বুলিও সদৰি কৰে জিলা কংগ্ৰেছৰ পদত্যাগী নেতা খাইৰুল ইছলামে ৷ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত হাউলী নগৰ সমিতিখন এইবাৰ বিজেপিয়ে লাভ কৰিব বুলিও দাবী কৰে নেতাগৰাকীয়ে ৷ বিশেষকৈ উন্নয়ন আৰু নিৰাপত্তাৰ স্বাৰ্থত মুছলমান লোকসকলে বিজেপিত যোগদান কৰিব বুলিও কয় বিজেপি যোগ দিয়া নেতাকেইজনে ৷

হাউলীত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

ইফালে বিজেপি নেতা তথা বৰপেটা জিলাৰ প্ৰভাৰী জয়ন্ত দাসে পৌৰ নিৰ্বাচনক লৈ প্ৰকাশ কৰিলে দলীয় ৰণকৌশলৰ কথা ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই স্থানীয় পৌৰ স্তৰত অগপ বা মিত্ৰদলৰে আসন বুজাবুজি হ'ব বুলি ঘোষণা কৰিছে যদিও এই ঘোষণাৰ প্ৰকৃত ৰহস্য ফাদিল কৰিলে বিজেপি নেতা জয়ন্ত দাসে ৷ জয়ন্ত দাসে কয় যে যিবোৰ আসনত বিজেপি জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই তেনে আসনবোৰ হে এৰি দিয়া হ'ব অগপ বা আন মিত্ৰ দলৰ প্ৰাৰ্থীক ৷

অৰ্থাৎ বিজেপি জয়ী হ'ব পৰা কোনো এখন আসনো এৰি দিয়া নহ'ব মিত্ৰদল অগপ বা আন দলক ৷ পৌৰ নিৰ্বাচনত যাতে কংগ্ৰেছ জয়ী হ'ব নোৱাৰে তাৰ বাবেহে বিজেপিৰ জয়ৰ সম্ভাৱনা নথকা আসন এৰি দিয়া হ'ব অগপক ৷ পৌৰ নিৰ্বাচনত বিজেপিয়ে বৰপেটাৰ ৫ খন পৌৰ আৰু নগৰ সমিতি দখল কৰিব বুলিও দাবী কৰে জয়ন্ত দাসে ৷ তেওঁৰ দাবী কংগ্ৰেছত থকা তৃণমূলৰ অৱশিষ্ট নেতা-কৰ্মীসকলে অচিৰেই বিজেপিত যোগদান কৰিব আৰু কংগ্ৰেছৰ ভৱিষ্যত নাই বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :জনসংখ্যা নিয়ন্ত্ৰণ বিলক সমৰ্থন সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.